মধ্য প্ৰদেশত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন।
ৰাইজে চহৰখনৰ চৰকাৰ নিৰ্বাচন কৰিবলৈ ভোট দিবলৈ যোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহেও ভোটাৰসকলক লোভনীয় প্ৰতিশ্ৰুতি দিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলেও তেওঁলোকৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰিছে।

উল্লেখযোগ্য যে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈছে আসাদুদ্দিন ওৱাইচিৰ দল AIMIM। কিন্তু আসাদুদ্দিন ওৱাইচি ৰ নিৰ্বাচনী অভিযানে এক গুৰুতৰ বিফলতাৰ সন্মুখীন হৈছে। কিয়নো মধ্য প্ৰদেশত চাৰি দিনৰ ভিতৰত আসাদুদ্দিন ওৱাইচিৰ ২ টাকৈ ৰেলী বাতিল কৰা হৈছে। আসাদুদ্দিন ওৱাইচিয়ে ৩০ জুনত পান্ধাৰীনাথ অঞ্চলত এক ৰেলী সম্বোধন কৰাৰ আয়োজন কৰিছিল যদিও সেয়া বাতিল কৰা হৈছিল। শেহতীয়াকৈ ইন্দোৰৰ ৰেলীও বাতিল কৰিব লগা হৈছে ।

আসাদুদ্দিন ওৱাইচিয়ে ৩ জুলাইত ইন্দোৰত যি নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ কথা আছিল সেই সভা ঘটনাস্থলীতে বাতিল কৰিব লগা হৈছিল। যোৱা চাৰি দিনত ওৱাইচিৰ দুখন ৰেলী বাতিল হোৱাৰ পিছত এতিয়া তেওঁৰ পৰৱৰ্তী ৰেলীবোৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে জানিবলৈ দিছে যে আসাদুদ্দিন ওৱাইচিয়ে ইন্দোৰৰ এটা সংবেদনশীল এলেকাত এখন ৰেলী অনুষ্ঠিত কৰাৰ কথা আছিল। যাৰ বাবে বাতিল কৰা হৈছিল। ইন্দোৰত আসাদুদ্দিন ওৱাইচিৰ ৰেলী বাতিল কৰাৰ কাৰণ হিন্দু জাগৰণ মঞ্চৰ নিৰন্তৰ প্ৰতিবাদৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। সংগঠন হিন্দু জাগৰণ মঞ্চৰ কৰ্মীসকলে AIMIMৰ মুৰব্বী আৰু হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ ৰেলীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল আৰু ক’লা পতাকা দেখুওৱাৰ প্ৰস্তুতি চলাই আছিল।

হিন্দু জাগৰণ মঞ্চৰ কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত AIMIM ৰ স্থানীয় নেতাসকলে ঘটনাস্থলীত আসাদুদ্দিন ওৱাইচিৰ সমদল বাতিল কৰাৰ সিদ্ধান্ত লয়। সমদলটো বাতিল হোৱাৰ পিছত আসাদুদ্দিন ওৱাইচিয়ে এটা ভিডিঅ’ বাৰ্তা জাৰি কৰি ৰেলী বাতিল হোৱাৰ বাবে দুখ প্ৰকাশ কৰে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial