
ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈ পৰিছে। ব্লুমবাৰ্গৰ মতে ভাৰত বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু UK-ক অতিক্ৰম কৰিছে। ভাৰতীয় অৰ্থনীতিয়ে ২০২১ চনৰ শেষৰ তিনি মাহত UK-ক অতিক্ৰম কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে মাৰ্চ ত্ৰিমাসিক অন্তিম দিনটোত ডলাৰৰ বিনিময় হাৰ ব্যৱহাৰ কৰি ভাৰতৰ নমিনেল GDP হৈছে ৮৫৪.৭০ বিলিয়ন ডলাৰ, আনহাতে UKৰ ৮১৬ বিলিয়ন ডলাৰ।
এই বছৰ ভাৰতৰ অৰ্থনীতি ৭% হাৰত বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে। বিপৰীতে UK-ৰ অৰ্থনীতিয়ে উচ্চ শক্তিমূল্য আৰু বৰ্ধিত উপভোক্তা মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে।
আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে অনুমান কৰিছিল যে ভাৰতে এই বছৰ ব্ৰিটেইনক অতিক্ৰম কৰিব আৰু আমেৰিকা যুক্তৰাজ্য, চীন, জাপান আৰু জাৰ্মানীৰ পিছত থিয় দিব। প্ৰতিবেদনখনত কোৱা হৈছে যে এক দশক পূৰ্বে ভাৰতীয় অৰ্থনীতি আছিল ১১ তম সৰ্ববৃহৎ, আনহাতে UK অৰ্থনীতি পঞ্চম স্থানত আছিল। সম্প্ৰতি UK-ক পিছ পেলালে ভাৰতে।