ৰাজ্যত পুনৰ অন্য এটা লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এইবাৰৰ স্থান তেজপুৰত। হিন্দু পৰিচয় দি বিবাহপাশত আৱদ্ধ হিন্দু যুৱতীৰে সৈতে আব্দুল চাহজাহান নামৰ ব্যক্তিৰ। বিবাহৰ পিছত তেওঁৰ হিন্দু পত্নীক অত্যাচাৰ কৰাৰ লগতে পত্নীক গো-মাংসও বলপূৰ্বক খুৱাইছিল আব্দুল চাহজাহান নামৰ ব্যক্তিয়ে। যাৰ বাবে সম্প্ৰতি গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল চাহজাহানক।

মিন্টু ৰয় নামেৰে হিন্দু বঙালী ছদ্মনামেৰে ব্যক্তিগৰাকীয়ে হিন্দু যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল। তেওঁলোকৰ বিয়াখন গুৱাহাটীৰ বিখ্যাত কামাখ্যা মন্দিৰত সম্পন্ন হৈছিল।

বিবাহৰ ৬ মাহৰ পিছতহে ভুক্তভোগীয়ে আব্দুলৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিব পাৰিছিল। জানিব পৰা অনুসৰি ভুক্তভোগীৰ ওচৰত ৭ লাখ নগদ ধন আছিল। যেতিয়া আব্দুলে এই বিষয়ে জানিব পাৰিলে তাৰ পিছৰে পৰাই পত্নীৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। অত্যাচাৰ কৰাৰ লগতে পত্নীক গো-মাংস ভক্ষণ কৰিবলৈও বাধ্য কৰিছিল।

আব্দুলে তেওঁৰ টকা কাঢ়ি লৈ আন এগৰাকী হিন্দু যুৱতীক একে ধৰণেৰে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি, মহিলাগৰাকীয়ে এই বিষয়টো আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগীয়ে আহ্বান জনাইছে যে “মই হিন্দু মহিলাসকলক মুছলমান পুৰুষক বিয়া নকৰিবলৈ অনুৰোধ কৰিব বিচাৰো। তেওঁলোকৰ জালৰ পৰা সাৱধান হ’ব । তেওঁলোকে আপোনালোকক কিছু সময়ৰ বাবেহে ৰাখিব আৰু তাৰ পিছত আপোনালোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিব, খাদ্য দিয়া বন্ধ কৰিব।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial