
আকৌ এবাৰ ভাবিব লৈ বাধ্য কৰিছে ভূমিস্খলনৰ সমস্যাটোৱে । যোৱা কিছুদিন ধৰি গুৱাহাটী ৰ বিভিন্ন ঠাইত ধাৰাবাহিক ভূমিস্খলনে সকলোকে ই চিন্তা ত পেলাইছে । উল্লেখ্য যে, ১৯৯৩ চনৰপৰা ২০১৮ চনলৈ ২৫ বছৰত ভূমিস্খলনৰ ফলত ১৬৫ জন লোকৰ প্ৰাণহানি হৈছে অকল গুৱাহাটীতেই । তথ্য ই কয় যে ,গুৱাহাটীত ২০০৪ চনত ভূমিস্খলনত সৰ্বাধিক ২২ জন লোকে প্ৰাণ হেৰুৱাইছে ।২০২২ চনলৈ এই সংখ্যা নিশ্চিত ভাৱে বৃদ্ধি হৈছে ।
ইতিহাস ৰ পাত লুটিয়াই চালে আমি দেখো যে , ভাৰতত ২০০৫ চনৰ হোৱা ভূমিস্খলনত সৰ্বাধিক ৫০০ জন লোকে প্ৰাণ হেৰুৱাইছিল । বিভিন্ন গৱেষণা ই প্ৰমান কৰিছে যে , বিগত তিনিটা দশকত গুৱাহাটীত ভূমিস্খলনৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । কিন্তু কিয় ? এইসকলৰ পিছত আমি দায়ী নহয় নে ? পাহাৰৰ মাটি ঘৰৰ বনোৱাৰ আমাৰ যি প্ৰতিযোগিতা চলিছে এইবোৰ ও একো একোটা কাৰন নহয় জানো ? অসমৰ বিভিন্ন অঞ্চলত বন ধ্বংস আৰু অবৈধ নির্মাণকাৰ্য যেনেকৈ বাঢ়ি গৈছে সমান্তৰালকৈ বাঢ়িছে ভূমিস্খলনৰ ঘটনা ও । উল্লেখ্য যে, ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী মহানগৰীত ৩৬৬ টা অঞ্চল ক ভূমিস্খলনপ্ৰৱণ এলেকা চিনাক্ত কৰিছিল ।তথ্য মতে মহানগৰীৰ পাহাৰ এলেকাৰ ৩০ শতাংশ তকৈ ও অধিক ঠাইত কোনো গছ-গছনি নাই । সমান্তৰালকৈ প্ৰায় ৪০ শতাংশ পাহাৰ এলেকাত কোনো ঘাঁহনি নাই ।
মনকৰিবলগীয়া যে, বিভিন্ন সংগঠনে গুৱাহাটীৰ ভূমিস্খলনৰ ভয়াৱহ সমস্যা সমাধান কৰাৰ বাবে মহানগৰীৰৰ পাহাৰসমূহ সংৰক্ষণ কৰা, গছ-গছনি ৰোপণ কৰা, পাহাৰ খনন বন্ধ কৰাৰ বাবে কেতবোৰ পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল। কিন্তু এই পৰামৰ্শসমূহ বছৰ বছৰ ধৰি চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে । এই ফাইলবোৰ যিমানেই আবদ্ধ হৈ থাকিব , আমি সিমানেই ভুগিব লাগিব ভূমিস্খলন ৰ সমস্যা ৰ সৈতে।