
প্ৰৱৰ্তন সঞ্চালকালয়ে ভূমি কেলেংকাৰীৰ গোচৰত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ কৰিছে। ৬০ বছৰীয়া ৰাউটক দক্ষিণ মুম্বাইৰ বেলাৰ্ড ইষ্টেটত থকা EDৰ বিভাগীয় কাৰ্যালয়ত ছয় ঘণ্টাতকৈও অধিক সময় সোধা-পোছা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছে।
ৰাউটক দেওবাৰে দুপৰীয়া ১২.০৫ বজাত মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত আটক কৰা হৈছিল কিয়নো তেওঁ তদন্তত সহযোগ কৰা নাছিল। পৰৱৰ্তী পৰ্যায়ত মাজনিশাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
শিৱসেনাৰ ৰাজ্যসভাৰ সদস্য ৰাউতক মুম্বাইৰ এখন বিশেষ PMLAআদালতত হাজিৰ কৰোৱা হ’ব, য’ত EDয়ে তেওঁক জিম্মা বিচাৰিব।
উল্লেখযোগ্য যে পাত্ৰা চল নামৰ ভূমি কেলেংকাৰীৰ গোচৰত এই তদন্ত কৰি আছে EDয়ে। EDয়ে ৰাউটৰ বাসগৃহত চলোৱা অভিযান উদ্ধাৰ হৈছে নগদ ১১ লাখ ৫০ হাজাৰ টকা।
সঞ্জয় ৰাউটক দুবাৰকৈ চমন দিয়াৰ পিছতো EDৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল নেতাগৰাকী।যাৰ বাবে বিষয়াসকলে দেওবাৰে ৰাতিপুৱা তেওঁৰ গৃহত উপস্থিত হৈছিল।
ED ৰ এই পদক্ষেপৰ পিছতেই এতিয়া EDৰ কাৰ্য্যালয়ৰ বাহিৰত প্ৰদৰ্শন কৰি আছে শিৱসেনাৰ সৈনিকসকলে।