অসমৰ থলুৱা শিপিনীৰ বাবে সুখবৰ ৷ অসম চৰকাৰে কোনো মধ্যভোগীক জড়িত নকৰাকৈ থলুৱা তাঁতশালৰ শিপিনী সকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰাৰ আৰম্ভ কৰিছে আঁচনি। আমি সকলোৱে জানো যে অসমৰ handloom & textile খণ্ডৰ আছে এক গৌৰৱোজ্জল ইতিহাস আৰু ই ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বিগত সময়ত অসমৰ একাংশ চৰকাৰ আৰু দুৰ্নীতিগ্ৰস্থ বিষয়া ই এই ক্ষেত্ৰটোক নষ্ট কৰি পেলাইছিল । অসমৰ থলুৱা শিপিনী সকলৰ মন ভাঙি গৈছিল তাহানিৰ চৰকাৰৰ বোৰৰ গা এৰি চলা সিদ্ধান্ত বোৰৰ কাৰনে । সেই চৰকাৰৰ একাংশ ই তথা মধ্যভোগী বোৰে মাত্ৰ টকাৰ বিনিময় ত বহিৰাগত গামোচাকেই অসমীয়া থলুৱা গামোচা বুলি বজাৰ দখল কৰাত উঠি পৰি লাগিছিল । তাহানিৰেই পৰা অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডই ৰাজ্যখনৰ সভ্যতা আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছিল যদিও এইবোৰ পয়ালগা মানসিকতা ৰ কাৰনে বহুখিনি হ্ৰাস পাব লয় । সেয়েহে বৰ্তমান ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইক্ষেত্ৰক শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে এক অভিনৱ আঁচনি সেইখন হ’ল স্বনিৰ্ভৰ নাৰী আঁচনি।

এই আঁচনিৰ অধীনত চৰকাৰে বিশেষভাৱে নিৰ্মিত স্বনিৰ্ভৰ নাৰী ৱেব পৰ্টেলৰ জৰিয়তে জড়িত নোহোৱাকৈ থলুৱা শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ অন্তৰ্গত মুঠ ৩১টা হাতেৰে বোৱা সামগ্ৰী আঁচনিখনত সামৰি লোৱা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এক পদক্ষেপ “স্বনীৰভৰ নাৰী”ৰ জৰিয়তে ৰাজ্যৰ খিলঞ্জীয়া তাঁতীসকলক সবলীকৰণ কৰাৰ লগতে তাঁতশালৰ পৰিয়ালসমূহক আৰ্থিক সহায় আগবঢ়োৱা হ’ব বুলি ও প্ৰতিচ্ছুতি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে অসমীয়া গামোছাক এক বিশিষ্ট পৰিচয় প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মোডীজী ৰ এই প্ৰচাৰৰ ফলত আজি ভাৰত ৰ বিভিন্ন প্ৰান্তত অসমীয়া থলুৱা গামোচা অপৰিসীম জনপ্ৰিয় হৈ উঠিছে বুলি মত প্ৰকাশ কৰে ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial