নয়ডা কৰ্তৃপক্ষই মহিলা উৎপীড়নকাৰী নেতা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণত চলালে বুলডোজাৰ। উত্তৰ প্ৰদেশৰ নয়ডা কৰ্তৃপক্ষৰ দলটো চেক্টৰ-৯৩বিৰ অ’মেক্স চ’চাইটিত উপস্থিত হৈছে আৰু মহিলাক উৎপীড়ন কৰা নেতা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণত চলাইছে বুলডোজাৰ। শ্ৰীকান্ত ত্যাগীয়ে তেওঁৰ ফ্লেটৰ চাৰিওফালে অবৈধ নিৰ্মাণ কৰিছিল। যিসমূহ এতিয়া JCB আৰু বুলডোজাৰৰ সহায়ত ভাঙি পেলোৱা হৈছে। ইফালে শ্ৰীকান্ত ত্যাগীৰ সন্ধান কৰা হৈছে যদিও তেওঁ এতিয়ালৈকে আৰক্ষীৰ হাতত ধৰা পৰা নাই।

নয়ডা আৰক্ষীৰ দ্বাৰা এটা হাউচিং কমপ্লেক্সত এগৰাকী মহিলাক আক্ৰমণ কৰা শ্ৰীকান্ত ত্যাগীক আটক কৰিবলৈ এক বৃহৎ অভিযান চলি আছে আৰু নিজকে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আৰু ইয়াৰ যুৱ সমিতিৰ ৰাষ্ট্ৰীয় সহ-সমন্বয়ক বুলি চিনাকি দিছিল শ্ৰীকান্ত ত্যাগীয়ে। এই কথা এতিয়া গেৰুৱা দলে অস্বীকাৰ কৰিছে।

নয়ডাৰ গ্ৰেণ্ড ওমাক্স ছ’চাইটিত এগৰাকী মহিলাক উৎপীড়ন কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা পলাতক হৈ থকা শ্ৰীকান্ত ত্যাগীক বিচাৰি উলিওৱাৰ বাবে ১২ টা দল গঠন কৰা হৈছে।
তেওঁক বিচাৰি উলিওৱাৰ বাবে এতিয়ালৈকে প্ৰায় ৫০ টা চৌহদত তালাচী চলোৱা হৈছে।

উল্লেখযোগ্য যে ছ’চাইটিত বাস কৰা লোকসকলে ২০১৯ চনৰ পৰা শ্ৰীকান্ত ত্যাগীৰ অবৈধ নিৰ্মাণৰ বিষয়ে অভিযোগ কৰি আহিছিল কিন্তু তেওঁ অতি চতুৰতাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা ল’বলৈ দিয়া নাছিল। কিন্তু মহিলাগৰাকীক উৎপীড়ন কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত, প্ৰশাসনে পদক্ষেপ লয় আৰু এতিয়া বুলডোজাৰেৰে তেওঁৰ অবৈধ নিৰ্মাণসমূহ আঁতৰাই দিয়া হৈছে।

একে সময়তে নয়ডাৰ DM সুহাস এল.ৱাইয়ে কয় যে অভিযুক্তৰ অন্যান্য ব্যৱসায়িক কাৰ্যকলাপ বিচাৰি উলিওৱা হৈছে, যাৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে। যিসকলে আইন ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

নিজকে বিজেপি নেতা বুলি দাবী কৰি অহা ত্যাগীয়ে তিনিদিন পূৰ্বে ছ’চাইটিত তেওঁৰ তলৰ মহলাত তেওঁৰ ফ্লেটৰ সন্মুখত গছ ৰোপণ কৰি আছিল। যেতিয়া এগৰাকী মহিলাই ইয়াত আপত্তি কৰিছিল তেওঁ ক্ষোভিত হৈ উৎপীড়ন কৰাৰ দিশলৈ অগ্ৰসৰ হয়। ত্যাগীয়ে মহিলাগৰাকীক ঠেলি দিছিল আৰু আক্ৰমণ কৰাৰ নামি পৰিছিল। ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই সকলো তৎপৰ হৈ পৰে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial