
সত্য এদিন নহয় এদিন ওলাবয়েই । মিজোৰাম, যিখন ৰাজ্য ক খৃষ্টান ধৰ্মালম্বী ৰ ৰাজ্য বুলি কোৱা হয় সেইখন ৰাজ্য ত শেহতীয়াকৈ এটা মুৰ্তি য়ে কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে । দৰাচলতে মিজোৰাম খৃষ্টান ধৰ্মালম্বী সকলৰ নে মিছনেৰী সকলৰ দ্বাৰা ধৰ্মান্তৰিত হৈ হিন্দু সকলে আকোঁৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল খৃষ্টান ধৰ্ম ! খৃষ্টান আগ্ৰাসন ৰ লগে লগে হেৰাই গৈছিল মিজোসকলৰ মাজৰ চলি থকা Pathian দেৱতাৰ পুজা অৰ্চনা।
কিন্তু শেহতীয়াকৈ, মিজোৰামত ডাৰলউন গাঁৱৰ এজন বাসিন্দাই তেওঁৰ গাঁওখনৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত অৱস্থিত পুখুৰী এটা খান্দি থাকোঁতে ১০ ফুট গভীৰতাৰ পৰা শিলত খোদিত দেৱতাৰ প্ৰতিমূৰ্তি উদ্ধাৰ কৰে।প্ৰতিমূৰ্তিটোৰ দৈৰ্ঘ্য ৩.৬ ফুট আৰু বহল ১.৯ ফুট বুলি দাবী কৰা হৈছে, আৰু ইয়াৰ ওজন প্ৰায় দুই কুইণ্টল।
পুৰণি মূৰ্তিটোৰ পৰিচয় আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হোৱা নাই যদিও মিজোৰামৰ গোৰ্খা মন্দিৰ সমিতি আৰু স্থানীয় হিন্দুসকলে ইয়াক হিন্দু দেৱী কালি দেৱীৰ বুলি দাবী কৰিছে।বিভিন্ন বুৰঞ্জীবিদ আৰু পুৰাতত্ত্ববিদৰ মতে এই প্ৰতিমূৰ্তি হিন্দু মূৰ্তিৰ। হিন্দু দেৱীৰ এই প্ৰাচীন মূৰ্তি উদ্ধাৰ হোৱাৰ ফলত খ্ৰীষ্টান প্ৰধান এই ৰাজ্যখনত যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে।