
বিহাৰত পুনৰ এবাৰ ক্ষমতাৰ পৰিৱৰ্তন। মিত্ৰতা ভাঙিল বিজেপি আৰু JD(U)ৰ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত মহাজোঁটৰ সৈতে চৰকাৰ গঠন কৰিবলৈ গৈ আছে।
নীতিশ কুমাৰে বুধবাৰে দুপৰীয়া ২ বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। ২১ মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। ১৭ বছৰৰ ভিতৰত তেওঁ অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব, যি বিহাৰৰ ইতিহাসত এক অভিলেখ। ইফালে RJD নেতা তথা লালু প্ৰসাদ যাদৱৰ সৰু পুত্ৰ তেজস্বী যাদৱে নীতিশ কুমাৰৰ সৈতে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
ইয়াত বিজেপিয়ে বুধবাৰে পুৱা ১০ বজাৰ পৰা ৰাজ্যিক কাৰ্যালয়ত NDAৰ সৈতে মিত্ৰতা ভংগৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ । তেওঁলোকে ১২ আগষ্টত জিলা সদৰত ধৰ্ণা আৰু ১৩ আগষ্টত মুখ্য কাৰ্যালয় অৱৰোধ কৰিব।