
দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি। মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কক্ষলৈ ফোনৰ জৰিয়তে আহিছে এক ভাবুকি, য’ত কোৱা হৈছে যে ২৬/ ১১ ৰ দৰে দ্বিতীয় আক্ৰমণ হ’ব। ইয়াৰ লগতে WhatsAppৰ জৰিয়তেও ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰা হৈছিল।
এই ভাবুকিপূৰ্ণ বাৰ্তাটোত কোৱা হৈছে যে ভাৰতত এই কামটো সম্পাদন কৰা ৬ জন লোক আছে। ভাবুকি দাতাই আৰু লিখিছে যে তেওঁ মুম্বাই উৰুৱাবলৈ প্ৰস্তুতি চলাই আছে।
” মই পাকিস্তানৰ পৰা কৈ আছো। যদিহে আপোনালোকে আমাৰ অৱস্থান বিচাৰি উলিয়াবলৈ চেষ্টা কৰে তেনেহলে এই অৱস্থান বিদেশত দেখুৱাব। আমাৰ কোনো ঠাই নাই”- বাৰ্তাটোত এনেদৰে কোৱা হৈছে।
বাৰ্তাটোত আৰু কোৱা হৈছে যে উদয়পুৰৰ দৰে শিৰচ্ছেদৰ ঘটনাও পুনৰ হ’ব পাৰে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। লগতে অন্যান্য সংস্থাসমূহকো এই বিষয়ে অৱগত কৰা হৈছে।