
পাকিস্তানে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড চাজিদ মীৰক গ্ৰেপ্তাৰ কৰিছে। লাহোৰৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে চাজিদ মীৰক ১৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। সন্ত্ৰাসবাদৰ সৈতে জড়িত এজন জ্যেষ্ঠ অধিবক্তাই জানিবলৈ দিছে যে এই মাহৰ আৰম্ভণিতে লাহোৰৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে নিষিদ্ধ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী চাজিদ মীৰক ১৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। সংবাদ সংস্থাৰ মতে, সন্ত্ৰাসবাদীৰ পুঁজিৰ গোচৰত এই শাস্তি প্ৰদান কৰা হৈছিল।
চাজিদ মীৰ FBI ৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ তালিকাত আছে। পাকিস্তানে সদায় চাজিদ মীৰৰ উপস্থিতি অস্বীকাৰ কৰি আহিছে। পাকিস্তান চৰকাৰে আনকি দাবী কৰিছিল যে তেওঁৰ মৃত্যু হৈছিল।
FBIয়ে চাজিদ মীৰৰ ওপৰত ৫ মিলিয়ন ডলাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়োখন ৰাষ্ট্ৰই প্ৰায় এক দশক ধৰি মীৰক বিচাৰি আছে। চাজিদ মীৰ ৰাষ্ট্ৰসংঘত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত। চাজিদ মীৰ ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ মূল সূত্ৰধাৰ। আক্ৰমণটোত প্ৰায় ১৭০ জন লোক নিহত হৈছিল। ইয়াত মুখ্যতঃ ভাৰতীয়, ৬জন আমেৰিকান আৰু জাপানকে ধৰি বহু ঠাইৰ পৰ্যটক অন্তৰ্ভুক্ত আছিল।
নিক্কেই এছিয়াৰ এক প্ৰতিবেদন অনুসৰি, FBI-ৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে চাজিদ মীৰ জীয়াই আছে, জিম্মাত আছে আৰু পাকিস্তানত দণ্ডিত হৈছে। অৱশ্যে, পাকিস্তানে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মীৰক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰা নাই। উপ বৈদেশিক মন্ত্ৰী হিনা ৰব্বানী খাৰে নিক্কেই এছিয়াক কৈছিল যে তেওঁ নিৰ্দিষ্ট বিষয়টোত কোনো মন্তব্য নকৰে।
চাজিদ মীৰক গ্ৰেপ্তাৰ কৰি, পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখুৱাব বিচাৰে যে ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰি আছে। এইটোও কোৱা হৈছে যে পাকিস্তানে FATF-ৰ GREY তালিকাৰ পৰা বাহিৰ হোৱাৰ পৰিকল্পনা কৰি আছে। পাকিস্তান ২০১৮ চনৰ জুনমাহৰ পৰা FATF-ৰ GREY তালিকাত আছে।
FBI য়ে দাবী কৰিছে যে মীৰে ২০০৮ ৰ পৰা ২০০৯ চনৰ ভিতৰত ডেনমাৰ্কত এখন বাতৰি কাকত আৰু ইয়াৰ কৰ্মচাৰীৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ২০১১ চনত চিকাগোৰ আদালতে তেওঁক সন্ত্ৰাসবাদৰ অভিযোগত অভিযুক্ত কৰিছিল। ২০২১ চনৰ ডিচেম্বৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে চাজিদ মীৰক মুম্বাই আক্ৰমণৰ প্ৰকল্প মেনেজাৰ হিচাপে বৰ্ণনা কৰিছিল। তেওঁ এইটোও কৈছিল যে তেওঁ পাকিস্তানত স্বাধীনভাৱে বাস কৰে।
ৱাশ্বিংটনত পাকিস্তানৰ প্ৰাক্তন দূত আৰু বৰ্তমান ৱাশ্বিংটনৰ হাডচন ইনষ্টিটিউটৰ দক্ষিণ আৰু মধ্য এছিয়াৰ সঞ্চালক হুছেইন হাক্কানিয়ে কয় যে এনে লাগে যে পাকিস্তানে এতিয়া FTAF ৰ GREY তালিকাৰ পৰা প্ৰস্থান কৰাৰ নিয়ম অনুসৰণ কৰিছে। ইয়াৰ অৰ্থ হৈছে যে কিছুমান ভাৰত বিৰোধী জেহাদী নেতা যাৰ বিষয়ে পাকিস্তানে আগতে তথ্য অস্বীকাৰ কৰিছিল তেওঁলোকক এতিয়া বিচাৰি উলিওৱা হৈছে আৰু আটক কৰা হৈছে।