লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত ভয়ংকৰ দুৰ্ঘটনা। ২৬ জন সৈনিকৰ সৈতে এখন বাহন ৰাস্তাৰ পৰা পিছলি পৰিল শ্বায়োক নদীত। যাৰ ফলত ৭ জন সৈনিক নিহত হয় । ১৯ গৰাকী সৈনিক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

সেনাৰ এক সূত্ৰই কয় যে “থোইজৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত বাহনখন ৰাস্তাৰ পৰা পিছলি যায় আৰু শ্বায়োক নদীত প্ৰায় ৫০-৬০ ফুট গভীৰতালৈ পৰি যায়, যাৰ ফলত সকলো আৰোহী আঘাতপ্ৰাপ্ত হয়।”

প্ৰথমে ২৬ গৰাকী সৈনিকক ব্যক্তিক পাৰ্টাপুৰৰ ৪০৩ ফিল্ড হস্পিটেললৈ স্থানান্তৰ কৰা হৈছিল।

“এতিয়ালৈকে সাতগৰাকী সৈনিকক মৃত ঘোষণা কৰা হৈছে”- সূত্ৰটোৱে কয়।

উল্লেখযোগ্য যে বাছখন চলাইছিল আহমেদ শ্বাহ নামৰ
এজন জোৱানে। বাছখন গৈ আছিল নুব্ৰাৰ পৰা তুৰটুকলৈ। নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial