শিক্ষক দিৱসৰ দিনটোতেই সংঘটিত এক মৰ্মান্তিক ঘটনা। এগৰাকী শিক্ষকে কৰিলে আত্মহত্যা।
ধেমাজি জিলাৰ গোগামুখত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।

আত্মহত্যা কৰা শিক্ষকগৰাকী ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বণিয়া। দীৰ্ঘদিন ধৰি বিনা বেতনেৰে শিক্ষাদান কৰি আহিছিল ৰাজেন বণিয়াই। এই ঘটনাই এতিয়া সমগ্ৰ গোগামুখ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ১৯৪৬ চনতে স্থাপন হোৱা বিদ্যালয়খনত আৰম্ভণিৰে পৰা শিক্ষাদানৰ লগত জড়িত হৈ আহিছিল প্ৰয়াত শিক্ষক ৰাজেন বণিয়াক। কিন্তু বৰ্তমান পৰ্যন্তলৈকে বিদ্যালয়খন নহ’ল প্ৰাদেশিকৃত।

বিদ্যালয়খন প্ৰাদেশিককীকৰণ নোহোৱাৰ বাবেই আত্মহত্যা কৰে বুলি অভিযোগ কৰিছে পৰিয়ালবৰ্গই। সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে শিক্ষকগৰাকীৰ মৃতদেহ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial