
অসমৰ কাছাৰ জিলাত বৰাক নদীৰ মথাউৰি ভাঙি যোৱাৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই মথাউৰি ভাঙি যোৱাৰ ফলত শিলচৰত প্ৰলয়ংকৰী বানৰ সৃষ্টি হৈছে।
মিথু হুছেইন লস্কৰ আৰু কাবুল খানক গ্ৰেপ্তাৰ কৰা হৈছে। দুয়োগৰাকী ব্যক্তিয়ে বৰাক নদীৰ মথাউৰি কাটিছিল। লস্কৰ শনিবাৰে ধৰা পৰিছিল, আনহাতে খানক শুক্ৰবাৰে নিশা ধৰা পৰিছিল। কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে এই গ্ৰেপ্তাৰ নিশ্চিত কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত কৰি আছে।
উল্লেখযোগ্য যে ২৪ মে’ত জলসম্পদ বিভাগে বেথুকান্দিত মথাউৰি কটাৰ সন্দৰ্ভত অচিনাক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও কৈছিল যে এই বানপানী এক মানৱ-নিৰ্মিত দুৰ্যোগ আৰু ইয়াৰ বাবে দায়ী সকলে কঠিন শাস্তিৰ সন্মুখীন হ’ব। শুক্ৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ছয়জন লোকক শিলচৰ চহৰত ভয়ংকৰ বানপানীৰ মূলতে মথাউৰি কটা অপৰাধী হিচাপে চিনাক্ত কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা কাবুল খানে মথাউৰি কটাৰ এটা ভিডিঅ’ শ্বুট কৰিছিল, যিটো মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলা মথাউৰিৰ স্থান ভ্ৰমণৰ সময়ত স্থানীয় লোকসকলক দেখুৱাইছিল। ভিডিঅ’টোত বক্তাজনক চিনাক্ত কৰিবলৈ কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
“বেথুকান্দিৰ ঘটনাটো আমাৰ বাবে এটা ডাঙৰ শিক্ষা। পৰৱৰ্তী পৰ্যায়ত বানপানী হ’লে আমি মথাউৰিত আৰক্ষী মোতায়েন কৰিব লাগিব যাতে কোনেও ইয়াক ভাঙিব নোৱাৰে। CID ক বেথুকান্দি ঘটনাৰ সন্দৰ্ভত গুৱাহাটীত এটা গোচৰ ৰুজু কৰিবলৈ কোৱা হৈছে। এতিয়া শিলচৰৰ বানপানীৰ গোচৰ গুৱাহাটীত পঞ্জীয়ন কৰা হ’ব আৰু সকলো তদন্ত গুৱাহাটীৰ পৰা কৰা হ’ব,” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে জানিবলৈ দিয়ে।