
বৃহস্পতিবাৰে ৰাজৌৰীৰ পৰা ২৫ কিলোমিটাৰ দূৰত থকা এটা সেনা কোম্পানীৰ অপাৰেটিং বেছত আত্মঘাতি আক্ৰমণ চলায় দুই সন্ত্ৰাসবাদীয়ে।
দুই সন্ত্ৰাসবাদী নিহত যদিও এই আক্ৰমণত তিনিজন সেনাও শ্বহীদ হৈছে। অঞ্চলটোত ইতিমধ্যে অভিযান চলি আছে। এই তথ্য ভাৰতীয় সেনাৰ এজন বিষয়াই দিছে। এই আক্ৰমণত আন দুজন সেনাও আহত হৈছে, যিসকল সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে কয়, “উগ্ৰপন্থীয়ে পাৰগলৰ এটা সেনা শিবিৰৰ দেৱাল পাৰ হ’বলৈ চেষ্টা কৰিছিল। দুই উগ্ৰপন্থীয়ে ৰাজৌৰীৰ পাৰ্গলত অন্ধকাৰত সেই স্থানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল। সতৰ্ক সৈন্যসকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল।
ইতিমধ্যে দৰহাল আৰক্ষী থানাৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত অৱস্থিত সেনা শিবিৰলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে।
সন্ত্ৰাসবাদীসকলে ফিদায়েইন আক্ৰমণৰ পৰিকল্পনা কৰি আছিল আৰু সেনা শিবিৰৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি আছিল, যিটো সেনা জোৱানসকলে বিফল কৰিছে আৰু তেওঁলোকে উপযুক্ত প্ৰত্যুত্তৰ দিছে। অঞ্চলটোত সেনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে আৰু নিৰন্তৰ অনুসন্ধান অভিযান চলোৱা হৈছে।