
হিমাচল প্ৰদেশৰ কুল্লুত ভয়ংকৰ দুৰ্ঘটনা। ইয়াত এখন ব্যক্তিগত বাছ খাৱৈত পৰাৰ ফলত স্কুলীয়া শিশুসহ ১৬ জন লোক নিহত হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। উদ্ধাৰ অভিযান চলি আছে।
DC কুল্লু আশুতোষ গাৰ্গে জানিবলৈ দিয়া অনুসৰি ব্যক্তিগত বাছখন কুল্লুৰ পৰা নিওলি-শানছেৰ পথৰ চাইঞ্জ উপত্যকালৈ গৈ আছিল। ঘটনাটো ৰাতিপুৱা প্ৰায় ৮ বজাত সংঘটিত হৈছিল। আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা তথ্য ৰ মতে, বাছখনত ৪৫ জন লোক আছিল। যেতিয়া বাছখন জাংলা নামৰ ঠাই এখনত উপস্থিত হৈছিল বাছখনে অ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিছিল। কুল্লুৰ SP গুৰদেৱ শৰ্মাই কৈছিল যে তেওঁ দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগেই ঘটনাস্থলীলৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা কৰিছে।
উল্লেখযোগ্য যে প্ৰায় ১০দিন পূৰ্বেও হিমাচল প্ৰদেশৰ চিমলা জিলাৰ এখন পিক-আপ বাহন খাৱৈত পৰি কমেও ২৮ জন লোক আহত হৈছিল। তেওঁলোকৰ ৯ জনৰ অৱস্থা সংকটজনক