স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সেনা বাহিনীক আক্ৰমণ ULFA(স্বা:) আৰু NSCNৰ। অৰুণাচল প্ৰদেশৰ ইণ্ডো-ম্যানমাৰ সীমান্তত অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি, উগ্ৰপন্থীসকলে অসম ৰাইফলছৰ কনভয়ৰ ওপৰত গুলী চালনা কৰিছে। লগতে সেই স্থানত স্থাপন কৰা হৈছিল নতুনকৈ সেনাৰ শিবিৰ। সেই শিবিৰত কৰিছে আক্ৰমণ।

উগ্ৰপন্থীসকলে জেনেৰেল এৰিয়া টিৰাপ চাংলাং জিলাত কৰিছে গুলীবৰ্ষণ কৰিছে। এই সময়ছোৱাত এজন JCO আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰ হাতত আঘাত লাগিছে বুলি জানিব পৰা গৈছে।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে শেহতীয়াকৈ কৈছিল যে উত্তৰ-পূবৰ উগ্ৰপন্থীসকল, যিসকলে আঞ্চলিকতাবাদ আৰু জাতিৰ নামত অস্ত্ৰ গ্ৰহণ কৰিছে, তেওঁলোক ইণ্ডো-ম্যানমাৰ সীমান্তত সক্ৰিয় হৈ আছে। NSCN (খাপলাং গোট), ULFA, KLO আৰু মণিপুৰৰ বিদ্ৰোহীকে ধৰি প্ৰায় সকলো উগ্ৰপন্থী সংগঠনৰ ম্যানমাৰত ঘাটি আছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে স্বাধীনতা দিৱস বর্জনৰ আহ্বান জনাইছিল ULFA(স্বাঃ)য়ে। ” স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্রাসংগিক আৰু মূল্যহীন” বুলি কৈ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতেই আজিৰ দিনটোত সেনাক আক্ৰমণ কৰিছে ULFA স্বাধীনৰ লগতে NSCN য়ে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial