
উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ত একাংশ শিক্ষাৰ্থীয়ে ‘ভাৰত মাতা’ৰ মুকুট আঁতৰাই মঞ্চত নামাজ আগবঢ়োৱাৰ এখন নাটকৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৱে এতিয়া ক্ষোভৰ সৃষ্টি কৰিছে। একাংশই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।
ভিডিঅ’টোত লক্ষ্ণৌৰ মালৱীয় নগৰ আৰক্ষী থানাৰ বজাৰখালা অঞ্চলৰ এখন বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন কৰা দেখা গৈছে। ঘটনাটোৰ পিছত এক বিবৃতিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কয় যে ভাইৰেল ভিডিঅ’টোৰ তদন্তত প্ৰকাশ পাইছে যে ঘটনাটো লক্ষ্ণৌৰ বজাৰখালা চুবুৰীয়াৰ শিশু ভাৰতীয় বিদ্যালয়ত সংঘটিত হৈছিল।
উত্তৰ প্ৰদেশ আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা হৈছে যে “ছ’চিয়েল মিডিয়াত এগৰাকী ছোৱালীক ‘ভাৰত মাতা’ বুলি দেখুওৱা হৈছে আৰু তেওঁৰ মুকুট আঁতৰাই দিয়া হৈছে। ইয়াৰ পিছত নামাজ আগবঢ়োৱা দেখুওৱা হৈছে।”
“এই সন্দৰ্ভত বিদ্যালয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু প্ৰকাশ পাইছিল যে বিদ্যালয়ৰ শিশুসকলে এখন নাটক প্ৰদৰ্শন কৰিছিল য’ত দেখুওৱা হৈছিল যে ধৰ্মৰ নামত হিংসা কৰিব নালাগে আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিব লাগে। ভাইৰেল ভিডিঅ’টো সমগ্ৰ নাটকৰ এটা সংক্ষিপ্ত অংশ আৰু ভিডিঅ’টোৰ প্ৰৱৰ্তকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে।