
২০২৪ চনৰ বাবে নিজৰ কাৰ্য পৰিকল্পনা ঘোষণা কৰি বিশ্ব হিন্দু পৰিষদে কয় যে তেওঁলোকে এক কোটিতকৈ অধিক সদস্যক VHP ৰ লগত সংযুক্ত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰোপৰি VHP প্ৰতিটো গোটসমূহ এক লাখলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলি প্ৰেছ বাৰ্তা ৰ দ্বাৰা জানিব দিয়ে ।
চেন্নাইত এখন সংবাদমেলত ভাষণ দি VHP ৰ যুটীয়া সম্পাদক ড: সুৰেন্দ্ৰ জৈনে হিন্দু মন্দিৰ ভাঙি ধ্বংস, লাভ জেহাদ আৰু অবৈধ ধৰ্মান্তৰকৰণৰ আশংকা আৰু হিন্দু বিশ্বাস আৰু দেৱতাৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা ঘৃণামুলক ভাষণক লৈ উদ্বেগ প্ৰকাশ কৰে ।
তেখেতে কয় যে সকলো ৰাজ্য চৰকাৰে এনে অপশক্তি ৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি অবৈধ ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদ ৰোধ কৰিব লাগে। ইয়াৰোপৰি চৰকাৰে একাংশ হিন্দু বিৰোধী ৰ দ্বাৰা বিয়পোৱা অপশক্তি ৰ বিৰুদ্ধে কঠোৰ হ’বলৈ ও দাবী জনায়।উক্ত কথাখিনি ৰ উপৰিও VHP য়ে বিভিন্ন হিন্দু জনগোষ্ঠীৰ আৱেগ-অনুভূতিৰ প্ৰতি সৰল হ’বলৈ ও প্ৰতিখন ৰাজ্য চৰকাৰক বিবেচনা দেখুৱাবলৈ অনুৰোধ জনায়।
একাংশ ৰাজ্য চৰকাৰ ক সকীয়াই দি ভি. এইচ. পি. য়ে কয় যে যদি চৰকাৰে নীৰৱে হিন্দু ৰ ওপৰত হোৱা অত্যাচাৰ বোৰ চাই থাকে , তেন্তে হিন্দু সমাজে নিজে খোজ দিবলৈ বাধ্য হ’ব৷