
ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আহিব ২৯ আগষ্টত অসম আৰু ত্ৰিপুৰা ভ্ৰমণলৈ। গুৱাহাটীত বিজেপিৰ নৰ্থ-ইষ্ট অফিচ ভৱন উদ্বোধন কৰিব জে পি নাড্ডাই।
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই জানিবলৈ দিয়ে যে “২৯ আগষ্টত জে পি নাড্ডাই আগৰতলা আৰু গুৱাহাটী ভ্ৰমণ কৰিব। তেওঁ প্ৰথমে ত্ৰিপুৰা ভ্ৰমণ কৰিব আৰু তাৰ পিছত গুৱাহাটীত উপস্থিত হ’ব। আবেলি প্ৰায় ৪ বজাত তেওঁ গুৱাহাটীত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় ভৱন উদ্বোধন কৰিব। এই উপলক্ষে এখন সভাৰো আয়োজন কৰা হ’ব।”
সূত্ৰ অনুসৰি অহা বছৰ অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰণনীতি নিৰ্ধাৰণ কৰিবলৈ নাড্ডাই আগৰতলাত দলীয় বিষয়াসকলৰ সৈতে এখন বৈঠক তৈয়াৰ কৰিব।
শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই নতুন দিল্লীত নাড্ডাক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁক ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু সাংগঠনিক কাৰ্যকলাপৰ বিষয়ে অৱগত কৰে।