ভাৰতীয় চলচ্চিত্ৰ ত যদি এজন অভিনেতা আছে যিয়ে সকলোৰে হৃদয় জয় কৰাত ব্যৰ্থ নহয় তেন্তে সেইজনেই হ’ল সোণু ছুদ। কৰ’না মহামাৰীৰ আৰম্ভণিৰে পৰা আজিলৈ অভিনেতা গৰাকীয়ে শতাধিক লোকক সহায় কৰিছে। ভাৰতীয় প্ৰব্ৰজনকাৰীক সহায় কৰাৰ পৰা আৰম্ভ কৰি আৰ্তজনক খাদ্য যোগান ধৰা আৰু সামৰ্থ্য নথকাসকলক চিকিৎসা প্ৰদান কৰালৈকে চণু ছুদে এই সকলোবোৰ নীৰৱে কৰি কৰিছে। আকৌ এবাৰ অভিনেতাগৰাকীয়ে সমগ্ৰ বিশ্ব ই আপ্লুত হ’ব পৰাকৈ এটা কাম কৰিছে ।

উল্লেখযোগ্য যে তেওঁ এতিয়া এগৰাকী শিশুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাত সহায় কৰিছে যিজনী ৰ চাৰিখন কৈ হাত আৰু ভৰি । হৃদয়ৰ পৰা কিমান মহান হ’লে এনেবোৰ কাম কৰিবলৈ আগবাঢ়ি আছে সেই কথা প্ৰতিজনে অনুভৱ কৰিবলৈ বাধ্য হৈছে আকৌ এবাৰ ।

শেহতীয়াভাৱে চণু ছুদে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্ট ত চৌমুখী নামৰ এগৰাকী ছোৱালীৰ বিষয়ে বিতংকৈ লিখে । উল্লেখযোগ্য যে চৌমুখী নামৰ ছোৱালী জনীৰ অস্ত্ৰোপচাৰৰ সমগ্ৰ ধন আগবঢ়াইছিল তেওঁ। হস্পিতালৰ বিচনাৰ পৰা ছোৱালীজনীৰ ছবি শ্বেয়াৰ কৰি চণু ছুদে লিখিছে, “মেৰা ঔৰ চৌমুখী কুমাৰী কা সফৰ কাম্যাব ৰহা। বিহাৰৰ এখন সৰু গাঁৱত চাৰিখন ভৰি চাৰিখন হাতেৰে জন্ম হৈছিল চৌমুখী। এতিয়া তাই সফল অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতি যাবলৈ সাজু হৈছে।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial