৬ জুলাইৰ পৰা সমগ্ৰ দেশতে ঘৰুৱা ৰন্ধন চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানীবোৰৰ মতে ঘৰত ব্যৱহৃত তৰলীকৃত পেট্ৰ’লিয়াম গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে।

এই বৃদ্ধিৰ পিছত, দিল্লীত ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য ১,০৫৩ টকা হ’ব, যি আছিল পূৰ্বতে ১,০০৩ হ’ব। কলকাতাত এটা চিলিণ্ডাৰৰ মূল্য হ’ব ১,০৭৯ টকা, মুম্বাইত ১,০৫২ টকা, আনহাতে, চেন্নাইৰ বাসিন্দাসকলে এটা চিলিণ্ডাৰৰ বাবে ১,০৬৮.৫০ টকা পৰিশোধ কৰিব লাগিব।

ঘৰুৱা ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৮ টকা বৃদ্ধি কৰা হৈছে। আনহাতে ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানীবোৰৰ জাননী অনুসৰি ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮.৫০ টকা হ্ৰাস কৰা হৈছে।

যোৱা এবছৰত দিল্লীত ১৪.২ কিলোগ্ৰাম ঘৰুৱা LPG চিলিণ্ডাৰৰ হাৰ ৮৩৪.৫০ টকাৰ পৰা ১,০০৩ টকালৈ বৃদ্ধি হৈছে। ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য অন্তিমবাৰ ১৯ মে’, ২০২২ তাৰিখে ৪ টকা বৃদ্ধি কৰা হৈছিল। তাৰ পূৰ্বে, ৭ মে’ৰ পৰা প্ৰতি চিলিণ্ডাৰত এই হাৰ আছিল ৯৯৯.৫০ টকা।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial