
কালিলৈ অৰ্থাৎ ৬ চেপ্তেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব – “যুৱ মন্থন”। লোকমন্থন কাৰ্যসূচী ৰ এক বিশেষ অংশ হিচাপে যুৱ মন্থন অনুষ্ঠান টোৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানটোৰ লগত সংগতি ৰাখি “ভাৰত বোধ” শীৰ্ষক এখন মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হ’ব য’ত কুইজ মাষ্টাৰ হিচাপে থাকিব সকলোৰে পৰিচিত কুইজ বিশেষজ্ঞ দীপাংকৰ কৌশিক দেৱ । এই বিশেষ কুইজৰ বাবে ৯.৩০-১০.৩০ বজালৈ পঞ্জীয়ন খোলা থাকিব । উল্লেখযোগ্য যে,প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ: ১৫,০০০ টকা ,দ্বিতীয় পুৰস্কাৰ: ১০,০০০ টকা আৰু
তৃতীয় পুৰস্কাৰ: ৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ উপৰিও সকলো অংশগ্ৰহণকাৰীকেই দিয়া হ’ব প্ৰমাণপত্ৰ ।
আনহাতে, যুৱ মন্থন কাৰ্যক্ৰম ৰ লগত সংগতি ৰাখি দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব বক্তৃতা অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব ৰাজ্যসভাৰ সন্মানীয় সাংসদ ড° সুধাঞ্চু ত্ৰিবেদী, শিক্ষামন্ত্ৰী ৰণোজ পেগু, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত আৰু প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক জে নন্দকুমাৰ। উক্ত বক্তৃতা অনুষ্ঠান ত ড০ সুধাঞ্চু ত্ৰিবেদীয়ে এই অনুষ্ঠানত ভাষণ আগবঢ়াব “ৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতা; যুৱকসকলৰ ভূমিকা”ৰ ওপৰত লগতে জে নন্দকুমাৰে ভাষণ আগবঢ়াব “Lok, Beyond Folk”ৰ ওপৰত।