ৰাজ্যৰ সকলো নাগৰিকৰ কল্যাণৰ বাবে পূজা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে সকলো জনসাধাৰণৰ হিতৰ বাবে কৰিলে মা মানসা পূজা।

মা মনসা পূজাত অংশ লৈ মনসা দেৱীৰ চৰণত সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মনসা দেৱীৰ আশীৰ্বাদত যাতে ৰাজ্যবাসীৰ সুখ-সমৃদ্ধি বৃদ্ধি হয় তাৰ বাবে দেৱীৰ চৰণত আশীষ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে পূজাৰ দৃশ্যাংশ।

টুইটত তেওঁ উল্লেখ কৰিছে যে ” মা মনসাই আমাক শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ দিয়ক, লগতে আমাক আমাৰ ধৰ্মৰ পথত দৃঢ় হৈ থকাত সহায় কৰক”।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial