মধ্য প্ৰদেশত, ধাৰ জিলাৰ খালঘাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰীভৰ্তি এখন মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিবহণ বাছ পৰিল নৰ্মদা নদীত। আজি পুৱা ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মহিলা আৰু শিশুসহ ৫০ জনৰো অধিক লোক আছিল বাছখনত। বৰ্তমানলৈকে নদীৰ পৰা ১২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে জীৱন্তে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে। একে সময়তে ২৫ ৰ পৰা ২৭ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাছখন ক্ৰেইনেৰে নদীৰ পৰা তুলি অনা হৈছে। ভুল দিশৰ পৰা অহা এখন বাহনক বচাবলৈ গৈ দুৰ্ঘটনাটো সংঘটিত হয়। বাছখনে দলংখনৰ ৰেলিং ভাঙি ২৫ ফুট তলৰ নদীত পোনপটীয়াকৈ বাগৰি পৰিছিল। ঘটনাটো খালঘাটৰ পুৰণি দলঙত সংঘটিত হৈছিল।

তথ্য অনুসৰি, খালঘাট সঞ্জয় সেতু দলঙৰ ভাৰসাম্য হেৰুওৱাৰ ফলত ইন্দোৰৰ পৰা মহাৰাষ্ট্ৰলৈ যোৱা যাত্ৰীবাহী বাছখন ২৫ ফুট তলৰ নদীত পৰি যায়। ধামনোদ আৰক্ষী আৰু খলতাকা আৰক্ষী ঘটনাস্থলীত আছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ইন্দোৰ আয়ুক্ত পৱন কুমাৰ শৰ্মাই ধাৰ আৰু খাৰগোনৰ উদ্ধাৰকাৰী দলক ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাতিপুৱা খাৰগোন-ধৰৰ মাজত খালঘাটত সংঘটিত বাছ দুৰ্ঘটনাৰ বিষয়ে দুখঃ প্ৰকাশ কৰিছে। বাছখন খাৱৈত পৰি যোৱাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনক অতি শীঘ্ৰেই উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল। যাত্ৰীসকলৰ উদ্ধাৰ আৰু সাহায্যৰ কাম চলি আছে।

ঘটনাস্থলীত জিলা প্ৰশাসন উপস্থিত আছে। মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীলৈ প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা আৰু আহতসকলৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও SDRF প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে ইন্দোৰৰ খাৰগোন জিলা প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি তত্বাৱধায়ক হৈ আছে।

একে সময়তে, প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ধাৰ জিলাৰ খালঘাটত সংঘটিত ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ চৰকাৰ আৰু প্ৰশাসনক যুদ্ধকালীন পৰ্যায়ত উদ্ধাৰ অভিযান চলাবলৈ আৰু অতি সোনকালে জনসাধাৰণক সকাহ দিবলৈ দাবী জনায়।

ঘটনাটো আগ্ৰা-মুম্বাই ঘাইপথত সংঘটিত হৈছিল। এই পথটোৱে ইন্দোৰক মহাৰাষ্ট্ৰৰ সৈতে সংযোগ কৰিছে। ঠাইখন ইন্দোৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত। সঞ্জয় সেতু দলং য’ৰ পৰা বাছখন পৰিছিল ধাৰ আৰু খাৰগোন দুখন জিলাৰ সীমাত আছে। আধা অংশ আছে খালঘাটত (ধাৰ) আৰু আধা অংশ খলতাকা (খাৰগোন)ত আছে।

নদীত পৰা বাছখন মহাৰাষ্ট্ৰ ৰাজ্যিক পৰিবহন নিগমৰ অন্তৰ্গত। বাছখন পুনেৰ পৰা ৰাতিপুৱা ইন্দোৰলৈ ৰাওনা হৈছিল।

দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই কয় যে ইন্দোৰৰ পৰা পুনেলৈ যোৱা মহাৰাষ্ট্ৰ চৰকাৰৰ এখন বাছ ধামনডৰ ওচৰৰ খালঘাটত নৰ্মদা নদীত পৰি যোৱাৰ এক অতি শোকাৱহ আৰু বেদনাদায়ক দুৰ্ঘটনাৰ সন্মুখীন হৈছে। সকলো দায়িত্বশীল প্ৰশাসনিক বিষয়া আৰু সাহায্য, উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে। দ্ৰুত গতিত উদ্ধাৰ অভিযান চলোৱা হৈছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial