দুৰ্নীতিৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম চৰকাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (ASTC) মুঠ ২,২৭৪ জন কৰ্মচাৰীক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।কৰ্মচাৰীসকলক অবৈধ উপায়েৰে নিযুক্তি লাভ কৰাৰ অভিযোগত নিলম্বিত কৰা হৈছে।

খবৰ অনুসৰি, কৰ্মচাৰীসকলে বিভিন্ন উপায়েৰে ASTC-ৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিছিল। ৰাজ্য চৰকাৰে ৬০ দিনৰ ভিতৰত এনে সকলো কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ দিছে।ইয়াৰে অধিকাংশ কৰ্মচাৰী তিনিচুকীয়া, নগাঁও, শিলচৰ, যোৰহাট, বঙাইগাঁও, লখিমপুৰ, যোৰহাট অঞ্চল আৰু গুৱাহাটীৰ ISBT-ত অবৈধভাৱে চাকৰি কৰি আছিল।

ASTC-ত যোৱা দুবছৰ ধৰি অবৈধ নিযুক্তি হৈ আছিল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ জুলাইত ASTC-ৰ সঞ্চালক ৰাহুল দাসৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পিছত এই পদক্ষেপ লোৱা হৈছে।

বৈঠকৰ সময়ত অবৈধ নিযুক্তি পোহৰলৈ আহিছিল। ইয়াৰ পিছতেই চৰকাৰে ASTC-ৰ ভিতৰত সকলো অবৈধ নিযুক্তিৰ বিৰুদ্ধে অভিযান চলাইছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial