
বহু প্ৰতীক্ষা ৰ অন্তত আজি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড অৰ্থাৎ CBSE য়ে ২০২২ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এইবাৰ উত্তীৰ্ণৰ শতাংশই ৯২.৭১ শতাংশ স্পৰ্শ কৰিছে। এইবাৰ মুঠ ১৪,৪৪,৩৪১ গৰাকী পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ত। ইয়াৰে মুঠ ১৪,৩৫,৩৬৬ গৰাকীয়ে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে ১৩,৩০,৬৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰে। ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট- cbse.gov.in, results.cbse.nic.in ত ৰোল নম্বৰ, স্কুল নম্বৰ ব্যৱহাৰ কৰি স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়সমূহৰ সৈতেও যোগাযোগ কৰি তেওঁলোকৰ নম্বৰ সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে। চিবিএছইৰ ফলাফল আই.ভি.আৰ আৰু এছ.এম.এছৰ জৰিয়তেও উপলব্ধ হৈছে ইতিমধ্যে।
২০২২ বৰ্ষৰ ১ আৰু ২ টা দুয়োটা টাৰ্মৰ নম্বৰৰ ওপৰত ভিত্তি কৰি চিবিএছইৰ চূড়ান্ত নম্বৰ পত্ৰ প্ৰস্তুত কৰা হৈছে।স্ক’ৰকাৰ্ডত শিক্ষাবৰ্ষত লাভ কৰা নম্বৰৰ বিৱৰণ আভ্যন্তৰীণ মূল্যায়ন নম্বৰ, প্ৰকল্পৰ কাম, ব্যৱহাৰিক পৰীক্ষা আৰু প্ৰি-ব’ৰ্ড পৰীক্ষা হিচাপে সন্নিবিষ্ট কৰা হৈছে ।২৬ এপ্ৰিলৰ পৰা ৪ জুনৰ ভিতৰত অনুষ্ঠিত হৈছিল চিবিএছইৰ ২য় টাৰ্ম পৰীক্ষা।২০২১-২২ শৈক্ষিক অধিবেশনৰ বাবে চিবিএছইয়ে দুটা টাৰ্মত পৰীক্ষা অনুষ্ঠিত কৰিছিল। ।