
জম্মু-কাশ্মীৰৰ পহেলগামৰ চন্দনৱাৰীৰ ওচৰত ভয়ংকৰ দুৰ্ঘটনা। ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানক লৈ যোৱা এখন বাহন ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছে।
ফ্ৰিছলানত জোৱানসকলক কঢ়িয়াই নিয়া বাহনখন ৰাস্তাত বাগৰি পৰাৰ ফলত কেইবাজনো সৈনিক আহত হৈছে। জোৱানসকলক অমৰনাথ যাত্ৰাৰ বাবে অঞ্চলটোত নিযুক্তি দিয়া হৈছিল।
“৩৯ জন কৰ্মচাৰীক ( ITBPৰ ৩৭ জন আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ২ জন) কঢ়িয়াই নিয়া এখন অসামৰিক বাছ বিকল হোৱাৰ পিছত পথৰ কাষৰ নদীৰ তলত বাগৰি পৰে। সৈন্যবাহিনী চন্দনৱাৰীৰ পৰা পহেলগামলৈ গৈ আছিল। হতাহতৰ আশংকা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।” ITBP য়ে এনেদৰে জানিবলৈ দিছে।
উল্লেখযোগ্য যে জোৱানসকলক অমৰনাথ যাত্ৰাৰ বাবে অঞ্চলটোত নিযুক্তি দিয়া হৈছিল।