
শেহতীয়াভাৱে ঘোষণা হোৱা মেট্ৰিক ৰ ৰিজাল্টত একেবাৰেই সন্তুষ্ট নাই ৰাজ্য চৰকাৰ ।প্ৰায় ২ লাখ ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হ’ব পৰা নাই মেট্ৰিক ৰ পৰীক্ষাত । ইয়াৰ সমান্তৰালকৈ ১৪০ খনতকৈ ও অধিক হাইস্কুল ত উৰ্ত্তীণ ৰ সংখ্যা শূণ্য ।এয়া অত্যন্ত দুখজনক । একাংশ ই প্ৰায়েই অভিযোগ দি আহিছে যে , একাংশ শিক্ষকে শিক্ষক হোৱাৰ উপৰিও LIC ৰ এজেণ্ট হৈ ঘৰে ঘৰে যাবলৈ হে বেছি ভাল পায় ।বহুবাৰ এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিছত ও কোনো পদক্ষেপ লোৱা দেখা পোৱা নাছিল শিক্ষা বিভাগৰ ফালৰ পৰাও । কিন্তু বৰ্তমান সৰব হৈছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ।এখন প্ৰেছ বাৰ্তা ত তেখেতে কয় ,মোক দুবছৰ সময় দিয়ক , দুবছৰৰ ভিতৰত সকলো শিক্ষক ঠিক হৈ যাব ।শিক্ষক হৈয়ো তেওঁলোকে LIC এজেণ্ট হৈ থকা বাবেই চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া হোৱা বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সেয়ে LIC এজেণ্ট কৰি থকা শিক্ষকৰ তালিকা বিচাৰি লগতে শুনানি অনুষ্ঠিত কৰাৰ আনুষ্ঠানিক নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে ৰাজ্য চৰকাৰে।এতিয়া, শিক্ষক হৈ ও LIC কৰা জিলা শিক্ষা পৰিদৰ্শকৰ জৰিয়তে অনুসন্ধান কৰি প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশো দিয়া হৈছে। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্টকৈ কৈছে যে চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষকেই বেয়া নহয় আৰু বিদ্যালয় ৰ কাৰনে কষ্ট কৰা শিক্ষক আছে বাবেহে চৰকাৰী বিদ্যালয় ত ৫৬ শতাংশ কৈ ও ওপৰত উৰ্ত্তীণ হাৰ হ’ব পাৰিছে ।