ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (আই আই টি-জি) কেই ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ এঘাৰখন উচ্চ শিক্ষানুষ্ঠানে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ২০২২ত বিভিন্ন শাখাত শীৰ্ষ-১০০ৰ ভিতৰত স্থান লাভ কৰে। এয়া নিশ্চয় কৈ উত্তৰ পূৰ্বাঞ্চলৰ কাৰনে গৌৰৱৰ ক্ষণ।

উত্তৰ পূৰ্বাঞ্চল ৰ পৰা আই আই টি-জিয়ে ‘ইঞ্জিনিয়াৰিং’ত সপ্তম স্থান দখল কৰি ৰেংক অৰ্জন কৰে। প্ৰিমিয়াৰ টেকন’লজি ইনষ্টিটিউটটোৱে যোৱা বছৰৰ দৰেই ৰেংকিং লাভ কৰিছে। “ইঞ্জিনিয়াৰিং” শাখাত আই আই টি-জিৰ উপৰিও এন আই টি শিলচৰ (৩৮ নম্বৰ ৰেংক) হৈছে উত্তৰ পূৰ্বাঞ্চলত পৰা শীৰ্ষ ১০০ৰ ভিতৰত ৰেংক লাভ কৰে ।

ইয়াৰ উপৰিও, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলঙে পৰিচালনা বিভাগৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত ২৬ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে এন আই আৰ এফ ২০২২ত অংশগ্ৰহণ কৰা আইন প্ৰতিষ্ঠানসমূহৰ ভিতৰত নেচনেল ল ইউনিভাৰ্চিটি আৰু জুডিচিয়াল একাডেমী, কামৰূপে ২৪ নম্বৰ স্থান লাভ কৰিছে।

“সামগ্ৰিক” শাখাত ৬৪ নম্বৰ স্থান লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰিছে। এন আই টি শিলচৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ে ক্ৰমে ৭৬ আৰু ৯০ স্থান লাভ কৰি “অভাৰঅল” ৰেংকিঙত শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰা আন দুটা প্ৰতিষ্ঠান।
“বিশ্ববিদ্যালয়” শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ৰ পৰা ৩৬ নম্বৰ ৰেংক লৈ গুৱাহাটী বিশ্ববিদ্যালয় শীৰ্ষত আছে, তাৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয় (৫৯ নম্বৰ ৰেংক), নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, শ্বিলং (৬৬ নম্বৰ ৰেংক) আৰু মিজোৰাম ইউনিভাৰ্চিটি (৭৮ নম্বৰ ৰেংক)।
৪৫ নম্বৰ ৰেংকত থকা মিজোৰামৰ আইজলৰ পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়খনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰ পৰা “মহাবিদ্যালয়” শাখাৰ TOP-100 ত ৰেংক লাভ কৰা একমাত্ৰ মহাবিদ্যালয়। “ফাৰ্মাচী” শাখাত ৰাষ্ট্ৰীয় ঔষধ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ক্ৰমে ১৩ আৰু ৪৭ নম্বৰ স্থান লাভ কৰে। “গৱেষণা” শাখাত এন আই টি শিলচৰে ৫০ নম্বৰ স্থান লাভ কৰে। ২০১৫ চনত আৰম্ভ হোৱা এন আই আৰ এফে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহক ৰেংকিং কৰাৰ এক পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰিছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial