তেলেংগানা আৰক্ষীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নিলম্বিত বিধায়ক টি ৰাজা সিঙৰ বিৰুদ্ধে উলিওৱা এক সমদলৰ সময়ত RSS স্বয়ংসেৱকসকলক হত্যাৰ আহ্বান জনোৱাৰ বাবে শ্ল’গান দিয়াৰ বাবে কলিম উদ্দিন নামৰ এজন ইছলামবাদীক গ্ৰেপ্তাৰ কৰিছে।

নালগোণ্ডাৰ আৰক্ষী অধীক্ষক ৰেমা ৰাজেশ্বৰীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ২৯৫(A) আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

কলিম উদ্দিনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছিল য’ত ইছলামবাদীৰ এটা দলে পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ বাবে টি ৰাজা সিঙৰ বিৰুদ্ধে প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিছিল। ভিডিঅ’টোত অভিযুক্তজনক “কাত দালো চালো কো” শ্লোগান দিয়া দেখা গৈছিল। RSS সদস্যসকলক টুকুৰা টুকুৰা কৰি কাটিবলৈ শ্লোগান দিয়া হৈছিল।

টি ৰাজাক শেহতীয়াকৈ হায়দৰাবাদ আৰক্ষীয়ে পয়গম্বৰ মুহাম্মাদৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল, যাৰ পিছত তেওঁক দলৰ পৰা নিলম্বিত কৰা হৈছিল ।

তেওঁ কিছুমান প্ৰথাৰ সমালোচনা কৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছিল, যাক ইছলামবাদীসকলে ‘নিন্দনীয়’ বুলি গণ্য কৰিছিল। AIMIM-ৰ প্ৰাক্তন IT চেল মুৰব্বী আৰু ছ’চিয়েল মিডিয়া প্ৰভাৱশালী চৈয়দ আব্দাহু কাশাফে তেওঁৰ বিৰুদ্ধে এক প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু টি ৰাজাৰ বিৰুদ্ধে ‘চাৰ তান চে জুদা’ (মুণ্ডচ্ছেদ কৰাৰ আহ্বান) উত্থাপন কৰিছিল।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial