
আকৌ আৰম্ভ হ’ব লৈছে আই পি ল জ্বৰ ! অনুৰাগীৰ মাজত উৎকণ্ঠা আৰু এই উৎকণ্ঠা ৰ মাজতেই VIACOM18 লৈ আগবঢ়োৱা হৈছে আই পি ল চলোৱাৰ ডিজিটেল অধিকাৰ । ইতিমধ্যে এই বিষয়ে আই পি এলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, এই অধিকাৰসমূহ ২০২৩ ৰ পৰা ২০২৭লৈ ৫ বছৰৰ বাবে হে দিয়া হৈছে ।
২০০৭ চনত Viacom18 media private limited ৰ গঠন কৰা হয় । VIACOM18 Media Pvt.Ltd হৈছে ভাৰতৰ দ্ৰুততম বিকাশশীল মনোৰঞ্জন নেটৱৰ্ক আৰু আইকনিক ব্ৰেণ্ডৰ এটা মুখ্য কেন্দ্ৰ, যিয়ে ভাৰতৰ বিভিন্ন বাতৰি পৰিবেশনকাৰী মিডিয়া হাউছ , মনোৰঞ্জনধৰ্মী মঞ্চৰ সৈতে আমাক পৰিচয় কৰাই দি আহিছে। ইয়াৰোপৰি, VIACOM18 ষ্টুডিঅ’ই ভাৰতত ১৪ বছৰতকৈও অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ আৰু আঞ্চলিক চলচ্চিত্ৰ সফলতাৰে প্ৰযোজনা কৰি আহিছে ।
ইতিমধ্যে BCCI য়ে দেওবাৰৰ পৰা মুঠ ৪টা শ্ৰেণীত IPL ৰ ডিজিটেল অধিকাৰৰ কাৰনে যাবতীয় কামকাজ খিনি কৰি আহিছিল । ইয়াৰ প্ৰথম পেকেজটোত ভাৰতীয় উপমহাদেশৰ টিভি অধিকাৰ অন্তৰ্ভুক্ত আছিল । ইতিমধ্যে এইবাৰৰ পৰা BCCI য়ে ৫ বছৰত ৪১০ খন আই পি এল মেচ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। ২০২৩-২৪ত ৭৪খন, ২০২৫ আৰু ২০২৬ চনত ৮৪-৮৪ খন আৰু ২০২৭ চনত ৯৪ খন খেল খেলোৱা ৰ পৰিকল্পনা আছে BCCI ৰ ।
ভিয়াকম১৮-এ পৰৱৰ্তী পাঁচ বছৰৰ বাবে আইপিএলৰ ডিজিটেল ৰাইটছ গ্ৰহণ কৰাৰ এদিন পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালিকা নীতা আম্বানীয়ে কয় যে কোম্পানীটোৱে বিশ্বমানৰ IPL কভাৰেজ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ।