খেলৰত্ন বঁটাৰ পৰা ৰাজীৱ গান্ধীৰ নাম আঁতৰোৱাৰ দাবী ববিতা ফোগাটৰ

News Desk    02-Sep-2020
Total Views |
 
 

babita_1  H x W
 
  
 
 
ক্ৰীড়া ক্ষেত্ৰখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান   খেলৰত্ন বঁটাৰ পৰা ৰাজীৱ গান্ধীৰ নাম আঁতৰোৱাৰ দাবীত অটল হৈ আছে তাৰকা খেলুৱৈ ববিতা ফগাট। তেওঁৰ ভগ্নী ভিনেশ ফোগাটে ২৯ আগষ্টত ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰে সন্মনিত হোৱাৰ দিনাই বঁটাটোৰ সৈতে ৰাজীৱ গান্ধীৰ নাম যুক্ত হৈ থকা আপত্তি দৰ্শাইছিল। তেওঁ ৰাজীৱ গান্ধীক লৈ কেতবোৰ কঠোৰ মন্তব্য কৰিছিল। সিয়ে দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।
 
সেই বিতৰ্ক অদ্যাপি অব্যাহত আছে যদিও নিজৰ দাবী অথবা অভিমতৰ পৰা এখজো পিছুৱাই অহা নাই ববিতা।  এতিয়া ববিতা ফগাটে এখোজ আগবাঢ়ি বঁটাটোৰ পৰা ৰাজীৱ গান্ধীৰ নাম আঁতৰাবলৈ দাবী জনাইছে।
 
 
উল্লেখ্য যে ভাৰতৰ পৰা থিয়ই থিয়ই ইটালীলৈ জেভলিন নিক্ষেপ কৰিছিল বাবেই ৰাজীৱ গান্ধীৰ নামত খেলৰত্ন বঁটা দিয়া হয় নেকি? তেওঁৰ মতে, খেলৰত্ন বঁটাৰ পৰা ৰাজীৱ গান্ধীৰ নাম আঁতৰোৱা হওক। এটা ভিডিঅ' বাৰ্তাত তেওঁ কয় যে ক্ৰীডা়ক্ষেত্ৰৰ কোনো ব্যক্তিৰ নামত বঁটা উছৰ্গা কৰি সন্মান জনোৱা হওক।