Entrepreneurship

এইবাৰ অৰ্থনৈতিক অপৰাধত অভিযুক্ত শিল্পা শেট্টীৰ পতি ৰাজ কুন্দ্ৰা

এইবাৰ অৰ্থনৈতিক অপৰাধত অভিযুক্ত শিল্পা শেট্টীৰ পতি ৰাজ কুন্দ্ৰা

পর্ন ছবি নিৰ্মাণেৰে দেশজুৰি কুখ্যাতি অৰ্জন কৰা বলীউড অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে শেহতীয়াকৈ অৰ্থনৈতিক অপৰাধৰ অভিযোগত গোচৰ ৰুজু হৈছে। ই ডি য়ে (ED) ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ অনুসৰি, পৰ্ন চিনেমা নিৰ্মাণত ৰাজ কুন্দ্ৰাই বেআইনীভাৱে ধনৰ লেনদেন কৰিছিল। সংবাদ সংস্থা এএনআইৰ মতে, পেশাত ব্যৱসায়ী ৰাজৰ বিৰুদ্ধে বৃহস্পতিবাৰ (আজ) গোচৰ ৰুজু কৰিছে ইডিয়ে। উল্লেখ্য যে বিগত বছৰৰ জুলাইত পর্ন চিনেমা নিৰ্মাণৰ অভিযোগত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল। কেইবামাহো কাৰাগাৰ বন্দী হৈ থকাৰ পিছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল। ৰাজৰ বিৰুদ্ধে অভিযোগ, পর্ন চিনেমা নিৰ্মাণৰ লগতে তেওঁ সেই চিনেমা বিশেষ এপৰ জৰিয়তে বেহা কৰিছিল। সেই ব্যৱসায়ত আইন বহির্ভূতভাৱে বহু টকা লেনদেন হৈছিল। লেনদেনত ৰাজ কুন্দ্ৰা নিজে প্রত্যক্ষভাৱে জড়িত আছিল বুলি ইডিৰ অভিযোগ। প্রসংগক্ৰমে উল্লেখ্য যে পর্ন-কাণ্ডত ইতিমধ্যে ৰাজৰ বিৰুদ্ধে আদালতত ১৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই। ৰাজ কুন্দ্ৰা আৰক্ষীৰ জালত পৰে নীতিন গড়াই নামৰ এজন ব্যৱসায়ীয়ে উত্থাপন কৰা অভিযোগৰ পিছত। তেওঁ ৰাজ আৰু শিল্পাৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগত গোচৰ তৰিছিল। আৰক্ষীক নীতিনে কৈছিল, কাছিফ খান নামৰ এজন ব্যক্তিয়ে তেওঁৰ (খানৰ) জিম ‘এছএফএল ফিটনেছ’ত নিতিনক ডেৰ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল। কাছিফৰ সৈতে শিল্পা আৰু ৰাজো আছিল। তেওঁলোকে নীতিনক সংস্থাৰ ফ্রেঞ্চাইজী দিয়াৰ প্রতিশ্রুতি দিছিল। কিন্তু প্রতিশ্রুতি পূৰণ নকৰাত ৰাজ, শিল্পা আৰু দুয়োৰে সহকাৰী কাছিফৰ বিৰুদ্ধে তেওং গোচৰ তৰে। তাৰ পিছতে ৰাজ কুন্দ্ৰাৰ দুই নম্বৰী জগতখন পোহৰলৈ আহে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial