অসমবাসী লৈ আকৌ এক এক সুখবৰ । অসম কন্যা তথা বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঞি আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। এই ক্ষণটো প্ৰতিজন অসম তথা ভাৰতবাসীৰ ৰ বাবে গৌৰৱৰ ক্ষণ ।

আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থা য়ে
জনোৱা মতে ২০২২ চনৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লভলিনা বৰগোহাঞি য়ে সন্থা ৰ নিৰ্বাচন ত সৰ্বাধিক ভোট লাভ কৰিছিল।

ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে এতিয়া তেওঁ এই কমিটি ৰ পৰিচালনা সমিতিৰ ভোটিং সদস্য হৈ পৰিছে।আনহাতে, অসমৰ আন এগৰাকী বক্সাৰ – শিৱ থাপাও এই কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।

আই বি এ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত – লভলীনা বৰগোহাঁইয়ে কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এথলীটছ কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মই গৌৰৱান্বিত অনুভৱ কৰিছো, মই সদস্য হোৱাৰ আশা কৰিছিলো, কিন্তু কেতিয়াও ভবা নাছিলো যে মই কমিটীৰ অধ্যক্ষ হ’ম , ই মোক ভাৰতীয় বক্সিং আৰু বিশেষকৈ মহিলা বক্সিংক বিশ্বৰ আন বক্সাৰসকলৰ আগত প্ৰচাৰ কৰাত সহায় কৰিব।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial