বাংগালুৰুৰ গান্ধী ভৱনত এক সংবাদমেলত কৃষক নেতা ৰাকেশ টিকাইতৰ দেহলৈ নিক্ষেপ কৰা হয় চিয়াঁহী। কৃষক নেতাজনে এখন সংবাদমেলত অংশ গ্ৰহণ কৰি থাকোতে তিনিজন ব্যক্তি হঠাতে প্লেটফৰ্মত উঠি ৰাকেশ টিকাইতৰ ওপৰত ক’লা চিয়াঁহী নিক্ষেপ কৰে।

টিকাইতে কৰ্ণাটক ৰাজ্যিক কৃষক সন্থা আৰু হাচিৰু ছেনেৰ দ্বাৰা আয়োজিত কৃষক আন্দোলন, আত্মনিৰীক্ষণ আৰু স্পষ্টীকৰণ সভা সন্দৰ্ভত এখন সংবাদমেলত অংশ গ্ৰহণ কৰিছিল।

সন্মিলনৰ সময়ত নেতাসকলে কৃষক নেতা কোডিহাল্লি চন্দ্ৰশেখৰৰ বিৰুদ্ধে শেহতীয়া অভিযোগবোৰ স্পষ্ট কৰি দিছিল, যাক স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰতিবাদ বন্ধ কৰাৰ বাবে উৎকোচৰ আলোচনা কৰাৰ বাবে উন্মোচিত কৰা হৈছিল। টিকাইতে চন্দ্ৰশেখৰৰ সন্দৰ্ভত মন্তব্য কৰিছিল যে মোৰ চন্দ্ৰশেখৰৰ লগত কোনো সম্পৰ্ক নাই। চন্দ্ৰশেখৰ এজন প্ৰৱঞ্চক। ইয়াৰ লগে লগেই কেইজন ব্যক্তিয়ে আক্ৰমণ কৰে টিকাইতক। চিয়াঁহী নিক্ষেপ কৰাৰ লগতে মাইকেৰেও আক্ৰমণ কৰে টিকাইতক । আৰু দুয়োপক্ষৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। হুলস্থুলৰ সৃষ্টি হয়।

প্ৰত্যক্ষদৰ্শীসকলে কৈছিল যে ৰাকেশ টিকাইতে মূৰত আঘাত পাইছিল। সংবাদমেলত উপস্থিত থকা কৃষক নেতা-কৰ্মীসকলে দুৰ্বৃত্তসকলক টানি নি প্ৰহাৰ কৰে। ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰে।

ইফালে, ৰাকেশ টিকাইতক সুৰক্ষা দিয়াত কৰ্ণাটক আৰক্ষীৰ ব্যৰ্থতাৰ বাবে কৃষক নেতাসকলে ক্ষোভ প্ৰকাশ কৰিছে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial