
ঘৰুৱা উদ্যোগবোৰক শক্তিশালী কৰোৱাৰ লক্ষ্যৰে লোৱা এক পদক্ষেপত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৭৬,৩৯০ কোটি টকাৰ সামৰিক হাৰ্ডৱেৰ ক্ৰয়ত অনুমোদন জনাইছে। এই প্ৰস্তাৱ ত অনুমোদন জনোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে এৰো ইঞ্জিনসমূহ ভাৰততে ই বনাবলৈ অনুৰোধ জনাইছে। এই অনুমোদনৰ জৰিয়তে এতিয়া ৰে পৰা সেনাবাহিনী, নৌবাহিনী আৰু ক’ষ্ট গাৰ্ড সমুহ যথেষ্ট উপকৃত হ’ব।ইয়াৰ ফলত ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগত যথেষ্ট উত্থান ঘটিব আৰু বিদেশী কোম্পানী ৰ ওপৰত খৰছ কৰা টকাৰ পৰিমাণ যথেষ্ট খিনি হ্ৰাস পাব।
নৌসেনাৰ বাবে ও খৰচ কৰা হ’ব প্ৰায় ৩৬,০০০ কোটি আৰু ইয়াক নিৰীক্ষণ অভিযান, এস্কৰ্ট অভিযান, অনুসন্ধান আৰু আক্ৰমণ, প্ৰতিৰোধ, আৰু উপকূলীয় প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব। আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰনে প্ৰতিৰক্ষা বাহিনী আত্মনিৰ্ভৰশীল হোৱাটো অত্যন্ত দৰকাৰী । আজি বিশ্বৰ যিসকল উন্নত ৰাষ্ট্ৰ আছে , সকলোৱে নিজৰ প্ৰতিৰক্ষা বাহিনী নিজা পৰিকল্পনা আৰু স্বদেশীয় উপাদান প্ৰয়োগ কৰিবলৈ চেষ্টা চলায় ।
সামৰিক পৰিক্ৰমা বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল বিনোদ ভাটিয়াই কয় যে, ‘চৰকাৰৰ এই সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ । ই বিশ্ববাসীৰ বাবে এক ইংগিত দিছে যে ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু নিসন্দেহ ঘৰুৱা উদ্যোগে সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব।