পেট্ৰ’ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে ডাঙৰ মন্তব্য। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতি গাডকাৰীয়ে মন্তব্য কৰিছে যে অহা পাঁচ বছৰৰ ভিতৰত দেশত পেট্ৰ’ল বিলুপ্ত কৰা হ’ব। বাহনৰ বৰ্ধিত প্ৰদূষণ আৰু বৈদ্যুতিক বাহনৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়েই মন্তব্য কৰিছে এনেদৰে মন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মহাৰাষ্ট্ৰৰ আকোলাত ড: পাঞ্জাব্ৰাও দেশমুখ কৃষি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি কৰিলে এই মন্তব্য। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনে তেওঁক ‘ডক্টৰ অৱ চাইন্স’ উপাধিও প্ৰদান কৰিছিল।

এই অনুষ্ঠানতে গাডকাৰীয়ে কয় যে অহা পাঁচ বছৰত দেশৰ পৰা পেট্ৰ’ল আঁতৰাই দিয়া হ’ব। তেওঁ কয় যে ইথানলৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই দেশক বছৰি ২০,০০০ কোটি টকা ৰাহি কৰিছে। যেতিয়া দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন গ্ৰীণ হাইড্ৰজেন, ইথানল আৰু CNG ত চলিব তেতিয়াই লাহে লাহে বিলুপ্ত হৈ পৰিব পেট্ৰ’ল।

তেওঁ কয় যে কুঁৱাৰ পানীৰ পৰাও গ্ৰীণ হাইড্ৰজেন প্ৰস্তুত কৰিব পাৰি। ইয়াৰ দাম প্ৰতি কিলো ৭০ টকালৈকে হ’ব পাৰে।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial