
ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় যাক আমি এতিয়া কটন বিশ্ববিদ্যালয় বুলি জানো, সেই কটন বিশ্ববিদ্যালয়ে আজি পূৰ্ণ কৰে গৌৰৱোজ্জ্বল ১২১ টা বছৰ।
ইতিহাস ৰ পাঠ লুটিয়ালে আমি দেখো যে ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে’ৰ দিনা কটন কলেজৰ আৰম্ভণি হ’ল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল।
১৯০১ চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ধ্বজাবাহক কটন কলেজখন ২০১১ চনত অসম চৰকাৰে কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিলৈ উন্নীত কৰে।২০১৭ চনত কটন মহাবিদ্যালয়ক কটন বিশ্ববিদ্যালয় হিচাপে নামাকৰণ কৰা হৈছিল।
আজিৰ এই বিশেষ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই ছ’চিয়েল মিডিয়া ত লিখে ,”কটন মহাবিদ্যালয় (এতিয়াৰ বিশ্ববিদ্যালয়)ৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ দিনটোত বহু পুৰণি স্মৃতিয়ে দোলা দিছে৷ নিজে পঢ়ি অহা শিক্ষানুষ্ঠানৰ স্মৃতিয়ে প্ৰতিজনকে নষ্টালজিক কৰাৰ দৰে ময়ো স্মৃতিকাতৰতাত ডুব যাওঁ মই পঢ়া শিক্ষানুষ্ঠানসমূহৰ কথা সুঁৱৰি৷ কটন মহাবিদ্যালয়ৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে অতীত তথা বৰ্তমানত যিকোনো ধৰণে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷ লগতে যিসকলৰ কঠোৰ সাধনা, অধ্যৱসায়ে কটনক মহীয়ান কৰিলে জীৱিত অথবা প্ৰয়াত সকলোকে মোৰ প্ৰণাম যাচিলোঁ”৷