অসম আটাইতকৈ ধুনীয়া ঠাই বুলি পৰিচিত তেজপুৰ ত আজি মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমন চোৱাৰ তেখেতে তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰত পুজা অৰ্চনা কৰে । ইয়াৰ পিছত তেখেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমখন নাটক ‘শোণিত কুঁৱৰী’ মঞ্চস্থৰ এশ বছৰ সম্পূৰ্ণ আৰু মহামানৱ মহাত্মা গান্ধীৰ ‘পকী’ দৰ্শনৰ এশ বছৰ পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণত এই মহান শিল্পীগৰাকীৰ স্মৃতিৰে সমৃদ্ধ সংগ্ৰহালয় আৰু পুথিভঁৰাল – তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী (পকী) দৰ্শন কৰে ।

উল্লেখযোগ্য যে , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই কলা সংস্কৃতি ৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰিছিল। এই স্মৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে অসম চৰকাৰ সদায় দায়বদ্ধ বুলিও তেওঁ কৈছে । ইয়াৰোপৰি তেখেতে অসমৰ নৱপ্ৰজন্মক জীৱনত এবাৰ হ’লেও ‘পকী’ দৰ্শন কৰিবলৈ ও আহ্বান জনাইছে। ইয়াৰোপৰি মুখ্য মন্ত্ৰী জনে প্ৰায় এবছৰ আগত তেজপুৰ ৰ চ’ক বজাৰত সংঘটিত হোৱা জুইকাণ্ড পুৰি চাই হৈ যোৱা ব্যৱসায় বৃন্দৰ লগত ও আলোচনাত বহে ।

উক্ত পৰিদৰ্শনকালত তেখেতৰ লগত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল, মাননীয় সাংসদ শ্ৰীপল্লৱলোচন দাস, মাননীয় বিধায়কদ্বয় শ্ৰীপৃথিৰাজ ৰাভা, শ্ৰীকৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ মাননীয় উপায়ুক্ত শ্ৰীদেৱ কুমাৰ মিশ্ৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৃন্দ ।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial