আৰক্ষীৰ বাহনৰ খুন্দাত নিহত বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম। আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল আশ্বিকুলে। পিছফালে আহি থকা এছক’ৰ্ট বাহনে মহটিয়াই নিয়ে আশ্বিকুলক। আঘাতপ্ৰাপ্ত আশ্বিকুলক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে। সম্প্ৰতি নগাঁও চিভিল হাস্পতালত ৰখা হৈছে নিহত আশ্বিকুলৰ মৃতদেহ ।

নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। কেমেৰাৰ সন্মুখত পেট্ৰ’ল ঢালি জ্বলাই দিয়া হৈছিল থানা ।যি ঘটনাত জড়িত আছিল মহিলা-যুৱতী-শিশু। ভিডিঅ’ত প্ৰকাশ হৈছিল সমগ্ৰ দৃশ্য।

এই ঘটনাৰ লগত জড়িত বহু ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম আৰক্ষীৰে বাহনৰ খুন্দাত নিহত হয়।

উল্লেখযোগ্য যে যোৱা কালি আছিকুলৰ জুৰীয়াৰ গৃহত চলোৱা হৈছিল অভিযান। অভিযানকালত উদ্ধাৰ হয় 7.65mm পিষ্টল, এটা •22 পিষ্টল আৰু ৭জাই সজীৱ গুলী। লগতে থানা জ্বলোৱাৰ বাবে উচতনি দিয়াৰ সময়ত পৰিধান কৰা ৰঙা টি-চাৰ্টো উদ্ধাৰ কৰা হৈছে। এই উদ্ধাৰ অভিযান চলাই উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial