
সুদীৰ্ঘ আন্দোলন তথা আলোচনাৰ অন্তত কাছাৰ আৰু নগাঁও ৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য ।সমগ্ৰ অসমবাসী য়ে অসম চৰকাৰৰ এই সিদ্ধান্ত ৰ যথেষ্ট সলাগ লৈছে । উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ বাবে ৭০০ কোটি টকাৰ এক সাহায্য পেকেজত অনুমোদন জনাইছিল ।আনহাতে, চলিত বৰ্ষৰ ১১ মে’ত এইচ পি চি এলৰ অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ আলোচনা মৰ্মে চৰকাৰে পূৰ্বে ঘোষণা কৰা ৭০০ কোটি টকাৰ সাহায্য পুঁজিৰ উপৰি কৰ্মচাৰী আৰু কৰ্মীসকলৰ গ্ৰেচুইটী পেমেণ্টৰ বাবে অতিৰিক্ত ১১০ কোটি টকা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয় । এই সিদ্ধান্ত আছিল ইতিহাসিক সিদ্ধান্ত। অৱশেষত যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীক প্ৰদান কৰিলে আৰ্থিক সাহায্য ।গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰী সকলক আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কাগজ মিল দুটাৰ ইউনিয়নৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হৈছিল যে, মিলটো বন্ধ হোৱা দিনলৈকে কৰ্মচাৰী সকলে দৰমহা পাব, উপযুক্ত সকলক চাকৰি পাব, ২৫ কোটি টকাৰে ট্ৰাষ্ট হ’ব ৷ এই ট্ৰাষ্ট ৰ সহায়ত ক’ৰবাত প্ৰাক্তন কৰ্মচাৰী সকলক সকাহ দিব পাৰি ।ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৩৫০ কোটি লিকুইডিটৰক দিছে কাগজ মিল দুটাৰ কাৰনে ৷এই টকাৰ ৫০ কোটি টকা প্ৰত্যক্ষভাৱে কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিব । ইয়াৰোপৰি, কাগজ কল দুটা চৰকাৰৰ নামত পঞ্জীয়ন কৰাৰ সময়ত ১৫ কোটি টকা দিয়া হৈছে । ইয়াৰোপৰি, পেঞ্চনাৰ সকলৰ সহায় হোৱা বাবে পেঞ্চন ফাণ্ডৰ টকা পি এফ অফিচত দি দিয়া হ’ব । গ্ৰেছুইটি আৰু পেঞ্চন ফাণ্ডৰ ধনো ৰাজ্য চৰকাৰে দিব । এই পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২০০৩গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮ গৰাকী ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ ২৭৫১গৰাকী কৰ্মচাৰীক উপকৃত কৰিব ৷ এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে এইচ পি চি এলৰ “প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড” গঠন কৰা হ’ব ৷ নিশ্বয়কৈ এই সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰৰ ।