
কালিলৈ বকৰি ঈদ । কালিলৈ ভাৰত ৰ বিভিন্ন প্ৰান্তৰ লগতে অসমত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লোকে গৰু কুৰবাণী দিয়া দেখা যায় । অসম ত প্ৰায় লাখ লাখ গৰুক কুৰবানী দিয়া হয় এই বিশেষ দিনটোত । আল্লাহ ৰ নামত নিজৰ প্ৰিয় বস্তু কুৰবানী দিয়াটো ইছলামিক পৰামৰ্শ। কিন্তু এই পৰম্পৰাত গৰুয়েই যে দিব লাগে তাৰ কোনো ধৰাবন্ধা নিয়ম নাই । ভাৰতবৰ্ষ এনে এখন দেশ যিখন দেশত এই দেশৰ সংখ্যাগৰিষ্ঠ হিন্দু সকলে মৌন হৈ থাকিব লাগে তেওঁলোকে মাতৃ বুলি গণ্য কৰা গো মাতা ক হত্যা কৰা দেখিও । ইয়াতকৈ সহিষ্ণুতা কি হ’ব পাৰে হিন্দু সকল । মুছলমান সম্প্ৰদায়ৰ দ্বাৰা এই কাৰ্য ধাৰাবাহিক ভাৱে চলি আহিছে , কিছু বৰ্ষ ৰ পৰা একাংশ গোড়া মুছলমানে কুৰবানী ৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা দেখা গৈছিল ।
কিন্তু এইবাৰ অসমত গো- সুৰক্ষা আইন, ২০২১ খন কঠোৰ ভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে অসম চৰকাৰেও। এই আইনখন ৰাজ্যিক বিধানসভাই ১৩ আগষ্ট, ২০২১ ত গৃহীত কৰিছিল আৰু লগে লগে কাৰ্যকৰী হৈছিল।
গো সুৰক্ষা আইনখনে কি কয় : – আইনখনে হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু অন্যান্য গো-মাংস খোৱা সম্প্ৰদায়ৰ দ্বাৰা মুখ্যতঃ বাস কৰা যিকোনো ক্ষেত্ৰত গোমাংস বা গোমাংসৰ সামগ্ৰী বিক্ৰী বা আগবঢ়োৱাটো নিষিদ্ধ কৰে।
এই নিষেধাজ্ঞা মন্দিৰ, সত্ৰ (বৈষ্ণৱ ধৰ্মীয় প্ৰতিষ্ঠান), গুৰুদ্বাৰা, আৰু গোমাংস খোৱা সম্প্ৰদায়ৰ উপাসনা স্থল বা ধৰ্মীয় প্ৰতিষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে।
গৰু হত্যা বিৰোধী আইনত উলংঘনৰ বাবে কঠোৰ জৰিমনা নিৰ্ধাৰণ কৰা হৈছে। তিনিৰ পৰা আঠ বছৰলৈকে কাৰাদণ্ড আৰু ৩ লাখৰ পৰা ৫ লাখ টকালৈকে জৰিমনা।
এই আইনৰ অধীনত সকলো অপৰাধ জ্ঞাত আৰু জামিন বিহীন। আইনখনে পুনৰাবৃত্তি কৰা অপৰাধীসকলৰ বাবে দুগুণ শাস্তি – কাৰাদণ্ড আৰু জৰিমনা নিৰ্ধাৰণ কৰিছে।
এই বিধেয়কখনে সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ উল্লেখ কৰিছিল যে গৰু হত্যাৰ ওপৰত নিষেধাজ্ঞাই সম্প্ৰদায়সমূহৰ মাজত সংঘৰ্ষ প্ৰতিহত কৰিব পাৰে।অসম চৰকাৰে আইন খন উলংঘা কৰাসকলক কৰায়ত্ব কৰিবলৈ আৰু গোচৰ চলাবলৈ সাজু হৈছে।যিসকলে আইন উলংঘা কৰে তেওঁলোকক চিনাক্ত আৰু শাস্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্যখন কঠোৰ হৈ আছে।
এই বছৰ বকৰি ঈদৰ সময়ত গো-ধন ৰ ‘কুৰবানী’ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হে সচা অৰ্থ ত কৃতিত্ব দিয়া উচিত। ইতিমধ্যে অসম চৰকাৰে কেইবাটাও মুছলমান সম্প্ৰদায়ক খিলঞ্জীয়া অসমীয়া মুছলমান বুলি মান্যতা দিছে । এই সকল খিলঞ্জীয়া অসমীয়া মুছলমানে সমাজৰ আগত এইবাৰ বকৰি ঈদ ৰ দিনা গো-বধ নকৰি আদৰ্শ প্ৰস্তুত কৰিবলৈ অত্যন্ত সুন্দৰ সুযোগ লাভ কৰিছে ।