পুনৰ সংকট হ’ব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ।কমিছনক লৈ পাম্প ডিলাৰ আৰু তেল কোম্পানীবোৰৰ মাজত সৃষ্টি সংঘাতৰ। এনে পৰিস্থিতিত মঙলবাৰে অৰ্থাৎ আজি পাম্প ডিলাৰসকলে তেল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে। ই দেশৰ ২২ খন ৰাজ্যক প্ৰভাৱিত কৰিব পাৰে। 

অৱশ্যে পেট্ৰ’ল পাম্পৰ টেংকত যথেষ্ট ইন্ধন আছে, সেয়েহে পেট্ৰ’ল আৰু ডিজেলৰ যোগানত কোনো ধৰণৰ ব্যাঘাত হোৱাৰ সম্ভাৱনা নাই। পেট্ৰ’ল পাম্প ডিলাৰ এছ’চিয়েশ্যনে কৈছিল যে ২২ খন ৰাজ্যত ইয়াৰ সদস্যসকলে প্ৰতিবাদত যোগদান কৰিব। 

এক বিবৃতিত সংগঠনটোৱে কয়, “পেট্ৰ’লিয়াম কোম্পানী আৰু ডিলাৰ এছ’চিয়েশ্যনৰ মাজত এক চুক্তি হৈছিল যে প্ৰতি ছয় মাহত ডিলাৰৰ মাৰ্জিন সংশোধন কৰা হ’ব। কিন্তু ২০১৭ চনৰ পৰা ইয়াক সংশোধন কৰা হোৱা নাই। অৱশ্যে ২০১৭ চনৰ পৰা ইন্ধনৰ মূল্য দুগুণ হৈছে, কিন্তু ডিলাৰৰ মাৰ্জিন সলনি হোৱা নাই। ” 

বিষয়াসকলে কৈছে যে পেট্ৰ’ল পাম্পবোৰে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দৈনিক ইন্ধন লোৱাৰ প্ৰয়োজন নাই। ডিলাৰ সংগঠনটোৱে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত চৰকাৰৰ আবকাৰী শুল্ক হ্ৰাসক আদৰণি জনাই কয় যে ই সাধাৰণ লোকসকলক যথেষ্ট সকাহ দিব।

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial