
#হোজাইত বানৰ বুজ ল’বলৈ যোৱা মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত#শিলচৰত এজনৰ মৃত্যু#কলঙত এজনৰ মৃতদেহ উদ্ধাৰ#ডিমা হাচাওত বায়ু সেনাই চলাব উদ্ধাৰ অভিযান#পুনৰ বন্ধ যোৰহাট-মাজুলী ফেৰী সেৱা
প্ৰথমটো বানতে অসমত সৃষ্টি হৈছে বিভীষিকাময় পৰিৱেশ। বান আৰু ভূমিস্খলনে অপৰূৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমা হাচাও জিলাক প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে। চৰকাৰী তথ্য অনুসৰি, বৃহস্পতিবাৰলৈকে ৰাজ্যখনত নজন লোকে বানত প্ৰাণ হেৰুৱাইছে। হাজাৰ হাজাৰ লোক গৃহহাৰা হৈ আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। বাট-পথ, দলং, মথাউৰিৰ সীমাহীন ক্ষতি হৈছে। চৰকাৰী তথ্য়ত প্ৰকাশ পোৱা মতে, ৰাজ্যখনৰ ২৭খন জিলাৰ ৬.৬২ লাখ লোক বানৰ কবলত পৰিছে। ১,৪১৩খন গাঁও পানীৰ তলত আছে। নগাঁও জিলাত সৰ্বাধিক ২.৮৮ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কাছাৰ জিলাৰ ১.২ লাখ, হোজাই জিলাৰ ১.০৭ লাখ লোক বানৰ কবলত পৰিছে। তদুপৰি, বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাওঁ, চৰািদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ, কামৰূপ (ম), কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি জিলাৰো হাজাৰ হাজাৰ লোক বানত ককবকাই থাকিবলগীয়া হৈছে। বানত ৪৬,১৬৯.৪৩ হেক্টৰ কৃষিভূমিৰ খেতি নষ্ট হৈছে। তদুপৰি, বৰপেটা, বঙাইগাঁও, চৰাইদেউ, চিৰাং, দৰং, ধুবুৰী, কামৰূপ (ম), নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।আনহাতে, বন্যাৰ্তৰ বাবে প্ৰশাসনে এতিয়ালৈকে ১৪খন জিলাত ২৪৮টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। শিবিৰসমূহত ৬,৯১১টা শিশুসহ ৪৮,৩০৪জন লোক আশ্ৰয় লৈছে। বানত ৩,০৭,৮৪৯টা ঘৰচীয়া জীৱ-জন্তুৰ আলাই আথানি নোহোৱা হৈছে। ইপিনে, আজিও কামপুৰ আৰু ধৰমতুলত কপিলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে। নুমলীগড়ত দিচাং নৈ বিপদসীমা অতিক্ৰম কৰি প্ৰৱাহিত হৈ আছে।ইপিনে, শিলচৰৰ বাৰিকনগৰত এজন লোকৰ আজি মৃত্যু হয়। ৰঞ্জিত কাহাৰ নামৰ লোকজন পানীত পৰি গুৰুতৰভাৱে আহত হৈছিল। আহত কাহাৰক ভৰ্তি কৰোৱা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতালত। তাতেই চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৰঞ্জিত কাহাৰৰ। আনহাতে, আজি কলং সুঁতিৰ পৰা উদ্ধাৰ কৰা হৈছে কন্দৰ্প ফুকন নামৰ লোক এজনৰ মৃতদেহ৷ ৭০ বছৰীয়া লোকজন বুধবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছিল৷ নগাঁৱৰ আমোলাপট্টিৰ কলঙৰ পাৰত বুধবাৰে পুৱা কন্দৰ্প ফুকনৰ জোতা উদ্ধাৰ হৈছিল৷ দুপৰীয়াৰ ভাগৰ পৰা এছ ডি আৰ এফে কলঙত অভিযান আৰম্ভ কৰিছিল ৷ বৃহস্পতিবাৰে কলঙৰ বুকুত ফুকনৰ মৃতদেহ উদ্ধাৰ হয় ৷ আন দিনৰ দৰে বৃদ্ধ লোকজনে বুধবাৰে পুৱা কলঙৰ পাৰত যোগাসন কৰিবলৈ গৈছিল৷ যোগাসন কৰিবলৈ কলঙৰ পাৰলৈ অহাৰ পিছৰ পৰা লোকজন সন্ধানহীন হৈ পৰে৷ইফালে, হোজাইত বান পৰিস্থিতিৰ বুজ ল’বলৈ যোৱাৰ পথত কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। হোজাইৰ বৰবহাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। সেনাবাহিনীৰ এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতে সেনাৰ বাহনত পিছফাৱৰ পৰা বলেৰ’ বাহনখনে খুন্দা মাৰে।দুৰ্ঘটনাত পতিত বলেৰ’খনৰ নম্বৰ AS 02 AA 1043। ঘটনাত বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হৈছে। প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা হাফলঙলৈ আজি যাব ৰাজ্যৰ দুই মন্ত্ৰী।মুখ্যমন্ত্রীৰ নিৰ্দেশত হাফলঙলৈ ৰাওনা হ’ব দুয়ো। তেওংলোক হৈছে- যোগেন মহন, বিমল বৰা। আনহাতে, হাফলঙত বায়ুসেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা গৈছে। উদ্ধাৰ কৰা লোকসকলক শিলচৰ আৰু যোৰহাটলৈ অনা হ’ব। তদুপৰি, বায়ুসেনাৰ হেলিকপ্টাৰে ডিমা হাচাও জিলালৈ খাদ্য সামগ্রীও নিব। জানিব পৰা মতে, ১২ মেট্রিকটন খাদ্য সামগ্রী নিব।
আনহাতে, বানৰ মাজতে হোজাইত চলিছে বন্যহস্তীৰ তাণ্ডৱ। হোজাইৰ ৰায়কাটা চন্দনপুৰত শিবিৰত থকা এজন লোকক বন্যহস্তীয়ে আক্রমণ কৰে। আক্ৰমমত এজন লোক াহত হয়। ইপিনে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত যোৰহাট-মাজুলী ফেৰী সেৱা পুনৰ বন্ধ কৰা হয়।