
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ (SDRF) পৰা বানপীড়িত অসমলৈ ৩২৪ কোটি টকাৰ অগ্ৰিম ধন মুকলি কৰিছে।
বিত্ত মন্ত্ৰালয়ৰ নিৰ্দেশত কোৱা হৈছে, “২০২২ চনৰ প্ৰথমটো সময়ত ৰাজ্যৰ বিভিন্ন স্থানত বান পানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি, গৃহ মন্ত্ৰালয়ৰ পৰা প্ৰাপ্ত পৰামৰ্শ অনুসৰি এই পৰিমাণটো ৰাজ্য চৰকাৰক আগতীয়াকৈ মুকলি কৰি দিয়া হৈছে।”
ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰযোগে কৃতজ্ঞতা প্ৰকাশ কৰে। টুইটাৰৰ জৰিয়তে তেওঁ কয় যে এই পুঁজিয়ে ক্ষতিগ্ৰস্ত নাগৰিকসকলক সময়মতে সকাহ আৰু পুনৰ্সংস্থাপন নিশ্চিত কৰিব।
ইফালে ইতিমধ্যে গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ এটা দলো গুৱাহাটীত উপস্থিত হৈছে বান পৰিস্থিতি পৰ্যবেক্ষণৰে বাবে। ৰাজ্যখনত শেহতীয়া বান আৰু ভূমিস্খলনৰ ক্ষতিমূল্যায়ন সন্দৰ্ভত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে এখন বৈঠকো তৈয়াৰ কৰে।
শেহতীয়া বানপানীয়ে অসমৰ বহু ঠাইক ক্ষতিগ্ৰস্ত কৰিছে। প্ৰায় ৩.৪৬ লাখ লোক আৰু ২৪৭ খন গাওঁ প্ৰভাৱিত কৰিছে। ASDMA-ৰ প্ৰতিবেদন অনুসৰি, আলোচনা কৰা হৈছিল যে এক কাৰ্যকৰী ক্ষতি মূল্যায়ন ত্বৰান্বিত কৰিবলৈ, সংশ্লিষ্ট প্ৰভাৱিত জিলাসমূহ ভ্ৰমণ কৰাৰ বাবে IMCT সদস্যসকলক দুটা গোটত বিভক্ত কৰা হ’ব।
প্ৰথম গোটটোত দলৰ নেতা ৰিভেনশ কুমাৰ, FA, NDMA, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ সহকাৰী সঞ্চালক অঞ্জলি মৌৰ্য,পথ পৰিবহণ মন্ত্ৰালয়ৰ আঞ্চলিক বিষয়া আদেলবাৰ্ট চুঙ্গি আৰু ইয়াৰ সৈতে IAS, জেটি সচিব আৰু জেটিচিইঅ’ ASDMA-য়ে ২৭ মে’ত কাছাৰ আৰু ডিমা হাছাও জিলা পৰিদৰ্শন কৰিব ।
ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ আণ্ডাৰ চেক্ৰেটেৰী কৈলাশ শংকলাৰ জল শক্তি মন্ত্ৰালয়ৰ অধীক্ষক অভিযন্তা জিন্টু দাস, কৃষি মন্ত্ৰালয়ৰ জ্যেষ্ঠ সঞ্চালক জিন্টু দাসকে ধৰি আইএমচিটিৰ দ্বিতীয় গোটে আজি আৰু কালিলৈ দৰং, নগাঁও আৰু হোজাই জিলা পৰিদৰ্শন কৰিব।