
অসম আৰক্ষীয়ে বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে থকা সম্পৰ্কৰ বাবে ব্যক্তিগত মাদ্ৰাছা শিক্ষক মুস্তাফা মুফতিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জেহাদীসকলৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত আন ৯জনকৈ লোকক কৰিছে গ্ৰেপ্তাৰ । লগতে যোৱা ২৪ ঘণ্টাত আন ৮ জনক আটক কৰে।
দুদিন পূৰ্বে আল-কায়েদা সংযোগৰ অভিযোগত বাংগালুৰুৰ পৰা কাটিগোৰাহৰ আখটাৰ হুছেইন বৰভূঞাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতেই যাৰ গুৱাহাটী, মৰিগাঁও, বৰপেটা, গোৱালপাৰা আদিৰ পৰা দহজনক গ্ৰেপ্তাৰ কৰা হয়।
উত্তৰ প্ৰদেশৰ দেওবন্দত শিক্ষা লাভ কৰি মুস্তাফা মুফতীয়ে ২০১৮ চনত মৰিগাঁও জিলাৰ মৈৰাবাৰীত তেওঁৰ ব্যক্তিগত মাদ্ৰাছা স্থাপন কৰিছিল। মুফতীয়ে ২০২০ চনৰ পৰা বাংলাদেশভিত্তিক জেহাদী সংগঠন আনছাৰুল্লাহ বাংলা দলৰ পৰা পুঁজি লাভ কৰি আহিছে। চৰকাৰে এই মাদ্ৰাছাখন ছীল কৰি দিয়াৰ লগতে জিলা কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীসকলক আন বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ কয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, যে “ব্যক্তিগত মাদ্ৰাছা আৰু জেহাদী সংগঠনৰ মাজত পোনপটীয়া সম্পৰ্কৰ এইটো প্ৰথম ঘটনা। চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু ৰাজ্যখনৰ ব্যক্তিগত মাদ্ৰাছাসমূহৰ বিৰুদ্ধে ইয়াৰ পদক্ষেপৰ সিদ্ধান্ত ল’ব। যোৱা ২৪ ঘণ্টাত আৰক্ষীয়ে বৰপেটা জিলাত সক্ৰিয় এটা জেহাদী মডিউলও উদ্ধাৰ কৰিছিল।
কেইটামান জেহাদী সংগঠনে অসমত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। যিহেতু অসমে বাংলাদেশৰ সৈতে এক দীঘলীয়া সীমান্ত ভাগ কৰে, আমাৰ ৰাজ্যখনৰ ওপৰত ইয়াৰ ক্ষতিৰ প্ৰভাৱ আছে। আমি সতৰ্ক হোৱা উচিত। আমি কেন্দ্ৰৰ সক্ৰিয় সমৰ্থনত ৰাজ্যখনৰ পৰা জেহাদী উপাদানসমূহ উৎখাত কৰিবলৈ সংকল্পবদ্ধ।”
সূত্ৰঅনুসৰি, মুছলমান লোকসকলক শিক্ষা প্ৰদান কৰিবলৈ জেহাদীসকলৰ স্লিপাৰ চেলবোৰ অসমৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ আছে। তেওঁলোকে ৰাজ্যখনত মৌলবাদী সাহিত্য প্ৰচাৰ আৰু বিয়পাই দিয়ে।
শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা আন ৯জন হৈছে বঙাইগাঁৱৰ আব্বাছ আলী, গুৱাহাটীৰ হাতীগাঁওৰ শ্বাহনুৰ আলম, জুবাইল খান, ৰফিকুল ইছলাম, দেৱান হামিদুল ইছলাম, মইনুল হক, কাজিবুৰ হুছেইন, শাজাহান আলী আৰু মুজিবুৰ ৰহমান।
ইয়াৰোপৰি মৰিগাঁৱৰ এজন আফচাৰুদ্দিন ভূঞা নামৰ ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যাৰ আছে AQIS/ABTৰ সৈতে সম্পৰ্ক । তেওঁ মৰিগাঁৱৰ হোৰুচালাৰ চাহাৰিয়াপাম আৰু জামিউল হুদা মাদ্ৰাছা চলাই আছিল।