
অসম কেবিনেটে য়ে ৰাজ্যখনৰ পৰা পাঁচটাকৈ অসমীয়া ভাষী মুছলমান সম্প্ৰদায়ক থলুৱা মৰ্যাদা অৰ্থাৎ খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্ত লয়।এই পদক্ষেপে তেওঁলোকক বঙালী ভাষী মুছলমানসকলৰ পৰা পৃথক কৰিব ।
কেবিনেটে পাঁচটা সম্প্ৰদায়ক থলুৱা মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছে। তেওঁলোক হৈছে গৰিয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দ। এই পাঁচটা মুছলমান সম্প্ৰদায়ৰ লোকসকলক অসম মুছলমান উপ-গোট বা থলুৱা অসমীয়া মুছলমান হিচাপে শ্ৰেণীবদ্ধ কৰা হ’ব,” ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে।
এই সিদ্ধান্ত যোৱা মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই লোৱা হৈছে। যোৱা মাহত কোৱা হৈছিল যে ৰাজ্য চৰকাৰে মুছলমান সম্প্ৰদায়কে ধৰি ৰাজ্যখনত খিলঞ্জীয়া সংখ্যালঘুসকলৰ পৃথক শ্ৰেণীবিভাজনৰ বাবে পদক্ষেপ ল’ব।
সেই সময়ত, মুখ্যমন্ত্ৰীয়ে কৈছিল যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক চিনাক্ত কৰিবলৈ এই পদক্ষেপৰ প্ৰয়োজন আছিল যিসকলে অসমলৈ প্ৰব্ৰজন কৰা নাই আৰু অঞ্চলটোৰ মূল বাসিন্দা।
কিন্তু এতিয়াও বহু কথা পৰি ৰৈছে । অসম চৰকাৰৰ এই ঘোষণা ৰ পিছতেই খিলঞ্জীয়া মুছলমান সকলৰ পৰা দাবী উত্থাপিত হৈ পৰিচয় পত্ৰ ক লৈ । তেওঁ লোকে দাবী কৰিছে যে , NRC ৰ আগত তেওঁলোকক খিলঞ্জীয়া মুছলমান ৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে । কিন্তু আজিৰ তাৰিখত এই দাবী সম্পূৰ্ণ ভিত্তিহীন , কিয়নো বহুত খিলঞ্জীয়া মুছলমান য়ে সন্দেহযুক্ত বাংলাদেশী মুলৰ ছোৱালী ক বিয়া কৰোৱা ঘটনা পোহৰলৈ আহিছে । চৰকাৰে যদি এই দাবী মানি চলে , তেন্তে বাংলাদেশী মুলৰ সন্দেহযুক্ত নাগৰিকসকল একপ্ৰকাৰে ভাৰতীয় কৰোৱাৰ প্ৰচেষ্টা ত হে উৎসাহিত কৰা হ’ব বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।