অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা হিংসাত পিপলছ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) ভূমিকাৰ অভিযোগ উত্থাপন কৰি পুনৰ এবাৰ কেন্দ্ৰক PFI আৰু কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া (CFI) নিষিদ্ধ কৰিবলৈ আহ্বান জনায়।

“গৰুখুঁটিৰ পৰাই আমি সাম্প্ৰদায়িক উত্তেজনাত PFI-ৰ হাত দেখি আহিছো। আনকি শেহতীয়া বটদ্ৰৱা ঘটনাটোত য’ত বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া হৈছিল,এই ঘটনাটো PFI জড়িত থকাৰ সংকেত লাভ কৰিছো। অসম চৰকাৰৰ মত হৈছে যে PFI আৰু CFI নিষিদ্ধ কৰা উচিত,” তেওঁ কয়।

“তেওঁলোকে বাক্সা জিলাৰ লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে, যিয়ে দেখুৱায় যে তেওঁলোকে অসমক অস্থিৰ কৰিব বিচাৰে আৰু এক অৰাজকতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে আৰু তেওঁলোকে এইয়া মুকলিকৈ কৰি আছে,” মুখ্যমন্ত্ৰীয়ে কয়।

“মই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক বহুবাৰ লগ কৰিছো আৰু PFI আৰু CFI নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছো। অৱশ্যে, আমি সকলোৱে জানো যে এনে সংগঠন নিষিদ্ধ কৰাৰ বাবে বিভিন্ন আইনী পৰীক্ষাৰ প্ৰয়োজন,” তেওঁ এনেদৰেও কয়।

পিছত তেওঁৰ ভাষণত শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আশা আৰু বিশ্বাস ব্যক্ত কৰি কয়, “কেন্দ্ৰই ৰাজ্য চৰকাৰৰ অনুৰোধৰ ওপৰত যথাযথ বিবেচনা কৰিব।”

Please follow and like us:
About Author

admin

Leave a Reply

Your email address will not be published.

Wordpress Social Share Plugin powered by Ultimatelysocial