
অসমক বানৰ সৈতে যুঁজিবৰ বাবে ১০ লাখ টকাৰ সাহাৰ্য তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত হোৱা বৃহৎ বানপানীৰ পিছত মানৱীয় প্ৰচেষ্টা চলোৱাৰ বাবে ১০ লাখ টকা দান কৰাৰ বাবে দালাই লামাৰ গাডেন ফড্ৰাং ন্যাসক ধন্যবাদ জ্ঞাপন কৰে।
এখন পত্ৰত দালাই লামাই প্ৰতি বছৰে ৰাজ্যখনত হোৱা বানপানীৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। “এইটো আটাইতকৈ দুৰ্ভাগ্যজনক যে অসম আৰু ভাৰতৰ অন্যান্য প্ৰান্তত বাৰিষাৰ বৰষুণে বছৰে বছৰে বিধ্বংসী ৰূপ ধাৰণ কৰা দেখা গৈছে”।
দালাই লামাই তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতিও গভীৰ সমবেদনা জ্ঞাপন কৰে। “মই আপোনালোকলৈ, প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো”। ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে কৰা কামৰ প্ৰশংসা কৰি তিব্বতীয় আধ্যাত্মিক নেতাজনে কয়, “মই সেই প্ৰচেষ্টাসমূহক সমৰ্থন কৰিবলৈ দালাই লামাৰ গাডেন ফড্ৰাং ট্ৰাষ্টৰ পৰা ১০ লাখ টকা দান কৰিছো।”
দালাই লামাই পূৰ্বতে কৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ বাবে PM কেয়াৰ্ছ ফাণ্ডলৈও তেওঁৰ অৱদান আগবঢ়াইছিল। তদুপৰি, তেওঁৰ কৰ্মচাৰীসকলেও পুঁজিটোৰ বাবে এদিনৰ দৰমহা দান কৰিছিল।